অসম

assam

ETV Bharat / sports

ক্ৰিকেটাৰ কুলদ্বীপ যাদৱৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

লক ডাউনৰ সময়ছোৱা অতি কঠিন আছিল যদিও পুনৰবাৰে খেলপথাৰলৈ উভটিবলৈ পাই অতিশয় আনন্দিত কুলদ্বীপ ৷ ইটিভি ভাৰতৰ সৈতে হোৱা তেখেতৰ এক আছুতীয়া সাক্ষাৎকাৰত IPL ৰ প্ৰস্তুতিৰ বিষয়ে ব্যক্ত কৰিলে খেলুৱৈগৰাকীয়ে ৷

Exclusive Interview: Kuldeep Yadav opens up about preparations for IPL 13
ক্ৰিকেটাৰ কুলদ্বীপ যাদৱৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

By

Published : Aug 23, 2020, 1:45 AM IST

স্পোৰ্টচ ডেক্স, 22 আগষ্টঃ IPLৰ ত্ৰয়োদশ সংস্কৰণত অংশগ্ৰহণ কৰিবলৈ পাই অতিশয় আনন্দিত কলকাতা নাইট ৰাইডাৰ্ছৰ স্পীনাৰ কুলদ্বীপ যাদৱ ৷ খেলুৱৈগৰাকীয়ে কয় যে, লক ডাউনৰ সময়ছোৱা অতি কঠিন আছিল যদিও পুনৰবাৰে খেলপথাৰলৈ উভটিবলৈ পাই অতিশয় আনন্দিত কুলদ্বীপ ৷ ইটিভি ভাৰতৰ সৈতে হোৱা তেখেতৰ এক আছুতীয়া সাক্ষাৎকাৰত IPL ৰ প্ৰস্তুতিৰ বিষয়ে ব্যক্ত কৰিলে খেলুৱৈগৰাকীয়ে ৷

সমগ্ৰ বিশ্বই সম্প্ৰতি কৰ’ণা ভাইৰাছৰ সৈতে যুঁজি আছে ৷ কিন্তু ইয়াৰ মাজতে পুনৰবাৰ ফিল্ডলৈ উভটিবলৈ পাই আপুনি কেনে অনুভৱ কৰিছে?

‘‘এই সময়ছোৱা সকলোৰে বাবে কঠিন ৷ বহু লোকেই এইসময়ছোৱাত বহি ডাঙৰ ডাঙৰ সমস্যাৰ সন্মুখীন হৈছে ৷ মই এই সমছোৱাত অনুশীলনৰ সময়খিনি মনত পেলাইছিলো ৷ লক ডাউনৰ সমছোৱাত বাহিৰা সকলো অনুশীলন বন্ধ কৰি ৰাখিবলগীয়া হৈছিল ৷ মই প্ৰশিক্ষণ আৰু ফিটনেছত গুৰুত্ব প্ৰদান কৰিছিলো ৷ লগতে মই বলিঙৰ অভাৱ অনুভৱ কৰিছিলো ৷’’

আপুনি লকডাউনৰ সমছোৱাত নিজৰ ফিটনেছ কেনেদৰে অব্যাহত ৰাখিছে?

‘‘এইধৰণৰ সময়ত আপুনি নিজৰ খাদ্যভ্যাসৰ ওপৰত গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয় ৷ মোৰ প্ৰশিক্ষকে এবাৰ মোক মোৰ খাদ্যভ্যাসৰ গুৰুত্ব প্ৰদান কৰিবলৈ কৈছিল ৷ আৰু তাৰ পিছতেই মই নিজৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ আৰম্ভ কৰিছিলো ৷ মই পুৱা আৰু গধুলি ব্যায়াম কৰিছিলো ৷ ’’

ক্ৰিকেটাৰ কুলদ্বীপ যাদৱৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

IPLৰ বাবে প্ৰস্তুতি কেনেধৰণৰ?

‘‘এইয়া কেৱল ক্ৰিকেট ৷ ইংলেণ্ড, পাকিস্তান আৰু ৱেষ্ট ইণ্ডিজৰ বাহিৰে কোনেও ক্ৰিকেট খেলি থকা নাই ৷ বহুকেইগৰাকী খেলুৱৈৱে এক দীঘলীয়া সময়ৰ পৰা ক্ৰিকেট খেলা নাই ৷ মই যিধৰণে নিজক প্ৰস্তুত কৰিছো তাক লৈ মই আগন্তুক IPL ৰ বাবে যথেষ্ট আশাবাদী ৷’’

বিগত সংস্কৰণটো আপোনাৰ বাবে খুব আশাপ্ৰদ নাছিল ৷ ইয়ে এইবেলি আপোনাৰ বাবে কিবা চাপ সৃষ্টি কৰিছে নেকি ?

‘‘ইয়াত চাপৰ কোনো কথা নাই ৷ ক্ৰিকেটৰ গ্ৰাফত সময়ে সময়ে উত্থান পতন হৈ থাকে ৷ বিগত সংস্কৰণটো মোৰ বাবে প্ৰত্যাহ্বানপূৰ্ণ আছিল ৷’’

বিগত বিৰ্ষত মইন আলীৰ বিপক্ষে আপোনাৰ কঠিন সময় আছিল ৷ এইবেলি তেখেতৰ বাবে ভিন্নধৰণে প্ৰস্তুতি চলাইছে নেকি?

‘‘মই বিশ্বাস কৰো যে, কোনো এজন খেলুৱৈ লক্ষ্য হোৱাটো উচিত নহয় ৷ ক্ৰিকেটত সকলো খেলুৱৈৰে নিজৰ দিন থাকে য’ত তেঁওলোকে 100, 200 পৰ্যন্ত ৰাণ সংগ্ৰহ কৰিব পাৰে ৷ মই কেৱল এজন খেলুৱৈকে লক্ষ্য হিচাপে নলও ৷ কিন্তু মই বিৰাট কোহলী, মহেন্দ্ৰ সিং ধোনী, এবি ডি ভিলাৰ্চৰ দৰে সুদৰ্শন খেলুৱৈক লক্ষ্য কৰি ল’ব বিচাৰো ৷ ই মোৰ বাবে লাভদায়ক হ’ব ৷’’

লগতে পঢ়ক :ৰোহিত শৰ্মাকে ধৰি 5 গৰাকী খেলুৱৈক প্ৰদান কৰা হ'ব 2020 বৰ্ষৰ খেল ৰত্ন বঁটা

ABOUT THE AUTHOR

...view details