অসম

assam

ETV Bharat / sports

ইংলেণ্ডৰ খেলুৱৈও জাৰ্চীত অংকণ কৰিব 'ব্লেক লিভছ মেটাৰ' চিহ্ন - ইংলেণ্ড বনাম ৱেষ্ট ইণ্ডিজ টেষ্ট মেচ 2020

ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ পাচত আগন্তুক টেষ্ট মেচত ইংলেণ্ডৰ খেলুৱৈও জাৰ্ছীত লগাব ব্লেক লিভছ মেটাৰ চিহ্ন ৷ ইচিবিৰ মুখ্য কাৰ্যবাহী বিষয়া টম হেৰিচনে সদৰী কৰিছে এই কথা ৷

Englands cricketers will put black lives matter logo on shirt
Englands cricketers will put black lives matter logo on shirt

By

Published : Jul 3, 2020, 5:14 AM IST

স্পৰ্টছ ডেস্ক, 3 জুলাই : ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অহা 8 জুলাইত অনুষ্ঠিত হ’ব তিনিখন মেচৰ টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্ট মেচ ৷ ক’ভিড-19 ৰ পাচত অনুষ্ঠিত হ’বলগীয়া এইখন হ’ব প্ৰথম আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ ৷ কিন্তু এই মেচখনৰ আয়োজনৰ পূৰ্বে আন এটা দিশে অধিক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷

ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ জাৰ্ছীত অংকণ ব্লেক লিভছ মেটাৰ চিহ্ন

বৰ্ণবৈষম্যৰ প্ৰতিবাদত ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলে পূৰ্বতেই জাৰ্ছীত ব্লেক লিভছ মেটাৰ চিহ্ন অংকণ কৰাৰ কথা প্ৰকাশ কৰাৰ বিপৰীতে শেহতীয়াকৈ ইংলেণ্ড ক্ৰিকেট দলৰ খেলুৱৈও ব্লেক লিভছ মেটাৰ চিহ্ন অংকণ কৰা জাৰ্ছী পৰিধান কৰি খেল পথাৰত অৱতীৰ্ণ হ’ব বুলি জানিবলৈ দিয়ে ৷ ইংলেণ্ড এণ্ড ৱেল্ছ ক্ৰিকেট ব’ৰ্ডৰ মুখ্য কাৰ্যাবাহী বিষয়া টম হেৰিচনে সদৰী কৰিছে এই কথা ৷

ইংলেণ্ড দলৰ নিয়মিত অধিনায়ক জ’ ৰুট আৰু প্ৰথম টেষ্টৰ বাবে নিৰ্বাচিত অধিনায়ক বেন ষ্ট’কছেও ব’ৰ্ডৰ এই সিদ্ধান্তক সমৰ্থন জনাইছে ৷ ইচিবিয়ে সমাজত একতা আৰু সামাজিক ভেদভাৱ আঁতৰ কৰাৰ বাবে ব্লেক লিভছ মেটাৰ আন্দোলনৰ প্ৰতি নিজৰ সমৰ্থন আগবঢ়ায় ৷ ক্ৰীড়া আৰু সমাজত বৰ্ণবৈষম্যৰ কোনো স্থান নাই আৰু আমি ইয়াক ৰোধ কৰিবলৈ পদক্ষেপ গ্ৰহণৰ বাবে আগ্ৰহী বুলি কয় ইচিবিয়ে ৷

ব্লেক লিভছ মেটাৰ অভিযান

ৰুটে সমাজত কৃষ্ণাংগবৰণ লোকক সমৰ্থন দিয়া আৰু একতা তথা ন্যায়ৰ দৰে বিষয়ত অধিক সজাগতা অনাৰ বাবে এই কাৰ্য অধিক গুৰুত্বপূৰ্ণ বুলি কয় ৷ ইংলেণ্ড খেলুৱৈ আৰু মেনেজমেণ্ট ইয়াৰ লগত থিয় দিয়া লগতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মঞ্চ এই আন্দোলনৰ বাৰ্তা প্ৰেৰণৰ ক্ষেত্ৰত সহায়ক হ’ব বুলি কয় ৷

আমেৰিকাত জৰ্জ ফ্লয়ড নামৰ এগৰাকী কৃষ্ণাংগবৰণ লোকক এগৰাকী শ্বেত আৰক্ষী বিষয়াই বৰ্বতাৰে হত্য়া কৰাৰ পাচতেই বিশ্বতে ব্লেক লিভছ মেটাৰ অভিযানৰ সূচনা হৈছিল ৷ অন্যান্য ক্ৰীড়া খেলুৱৈও এই আন্দোলনক পূৰ্ণ সমৰ্থন জনায় ৷

লগতে চাওক-বিদেশত আইপিএল অনুষ্ঠিত কৰাৰ ইংগিত বিচিচিআইৰ

ABOUT THE AUTHOR

...view details