অসম

assam

117 দিনৰ অন্তত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ

কৰ'ণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ পাচত বুধবাৰৰ পৰা আৰম্ভ হৈছে ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ । সুদীৰ্ঘ 117 দিনৰ অন্তত প্ৰত্যাৱৰ্তন হৈছে ক্ৰিকেটৰ । যোৱা 15 মাৰ্চৰ পৰাই স্থগিত হৈ আছিল সকলো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ । বৰষুণৰ বাবে টছত বিলম্ব ।

By

Published : Jul 8, 2020, 4:20 PM IST

Published : Jul 8, 2020, 4:20 PM IST

117 দিনৰ অন্তত আৰম্ভ হ'ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ
117 দিনৰ অন্তত আৰম্ভ হ'ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ

স্পৰ্টছ ডেস্ক, 8 জুলাই : ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজত বুধবাৰৰ পৰা আৰম্ভ হৈছে তিনিখন মেচৰ প্ৰথমখন টেষ্ট মেচ । চাউথাম্পটনত অনুষ্ঠিত হ'ব প্ৰথমখন মেচ । কৰ'ণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ পাচত সুদীৰ্ঘ 117 দিনৰ অন্তত অনুষ্ঠিত হ'ব গৈ আছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ । বৰষুণৰ বাবে টছত বিলম্ব ।

কিছু সংশোধিত নিয়মৰ মাজেৰে অনুষ্ঠিত হ'ব প্ৰথমখন মেচ । উল্লেখ্য যে, কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পোন প্ৰথমবাৰৰ বাবে বলত চালাইভা অথবা থুঁ ব্যৱহাৰত বাধা আৰোপ কৰিছে আইচিচিয়ে ।

117 দিনৰ অন্তত আৰম্ভ হ'ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ

এই মেচখনত বৰ্ণবৈষম্যৰ বিৰোধিতাৰে জাৰ্ছীত ব্লেক লাইভ মেটাৰ চিহ্ন অংকণ কৰি খেলপথাৰত অৱতীৰ্ণ হ'ব দুয়োটা দল । আমেৰিকাত এগৰাকী কৃষ্ণাংগবৰণ লোকক হত্যাৰ প্ৰতিবাদতেই খেলুৱৈ সকলে এই প্ৰতীক চিহ্ন অংকণ কৰিছে । জ' ৰুটৰ অনুপস্থিতিত ইংলেণ্ড দলটোৰ নেতৃত্ব বহন কৰিছে বেন ষ্ট'ক্ছে ।

ABOUT THE AUTHOR

...view details