স্পৰ্টছ ডেস্ক, 6 জুলাই : ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিনিখন মেচৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত দলৰ পৰা বাহিৰ হ'ব পাৰে প্ৰতিভাৱান খেলুৱৈ ষ্টুৱাৰ্ড ব্ৰড । মেচখনত জফ্ৰা আৰ্চাৰ, মাৰ্ক ৱুড আৰু জেমছ এণ্ডাৰছনক ফাষ্ট বলৰ নেতৃত্ববহনৰ দায়িত্ব অৰ্পণৰ সম্ভাৱনা আছে ।
ৱেষ্ট ইণ্ডিজ বনাম ইংলেণ্ড : প্ৰথম টেষ্টৰ পৰা বাহিৰ হোৱাৰ সম্ভাৱনা ব্ৰডৰ - প্ৰথম টেষ্টৰ পৰা বাহিৰ হোৱাৰ সম্ভাৱনা ব্ৰডৰ
সদ্য় ঘোষিত ইংলেণ্ড টেষ্ট দলৰ 13 জনীয়া সদস্য়ত ডম বেছ একমাত্ৰ স্পিনাৰ খেলুৱৈ থকাৰ বাবেই প্ৰথম টেষ্টৰ বাবে সম্ভাৱনীয় একাদশৰ পৰা ষ্টুৱাৰ্ড ব্ৰডক বাহিৰ ৰখা হ'ব পাৰে ।
England vs West Indies: Stuart Broad might miss first TestEngland vs West Indies: Stuart Broad might miss first TestEngland vs West Indies: Stuart Broad might miss first TestEngland vs West Indies: Stuart Broad might miss first Test
এখন কাকতত প্ৰকাশিত বাতৰি অনুসৰি, আঠ বছৰৰ অন্তত প্ৰথমবাৰৰ বাবে ঘৰুৱা শৃংখলাত ব্ৰডক অন্তিম একাদশৰ পৰা বাহিৰ কৰাৰ সম্ভাৱনা আছে । ইংলেণ্ডৰ সদ্য ঘোষিত 13 জনীয়া দলটোত একমাত্ৰ ডম বেছ স্পিনাৰ হিচাপে অন্তৰ্ভুক্ত হৈ থকাৰ বাবেও প্ৰথম টেষ্টৰ বাবে ব্ৰডক দলৰ পৰা বাহিৰ কৰা সম্ভাৱনা অধিক প্ৰকট হৈ পৰিছে ।
ব্ৰডে ইয়াৰ পূৰ্বে 2012 চনৰ পৰা এখনো ঘৰুৱা মেচৰ পৰা বাহিৰ হোৱা নাই ।