স্পৰ্টছ ডেস্ক, 16 জুলাই: ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজত হ’বলগীয়া দ্বিতীয়খন টেষ্টৰ কিছু ঘণ্টাৰ পূৰ্বে ইংলেণ্ড দলৰ পৰা বাহিৰ কৰা হ’ল দ্ৰুতবেগী বলাৰ জফ্ৰা আৰ্চাৰক ৷ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে বান্দি দিয়া বায়’-প্ৰ’টক’ল সুৰক্ষাৰ নিয়ম উলংঘন কৰাৰ বাবেই দলৰ পৰা বাহিৰ কৰা হয় খেলুৱৈগৰাকীক ৷
প্ৰথমখন টেষ্টত ঘৰুৱা দলটোৱে পৰাজয়বৰণ কৰাৰ পাচত মেনচেষ্টৰৰ অল্ড ট্ৰফৰ্ড ষ্টেডিয়ামত আজি দ্বিতীয়খন মেচত ৱেষ্ট ইণ্ডিজৰ মুখামুখি হ’ব ৷ ভাৰতীয় সময় অনুসৰি 3.30 বজাত অনুষ্ঠিত হ’ব মেচখন ৷ নিয়ম উলংঘন কৰাৰ বাবেই দলৰ পৰা বাহিৰ কৰা হয় বেগী বলাৰজনক ৷ এতিয়া আৰ্চাৰক 5 দিনৰ আইচ’লেচনত থকাৰ লগতে দলত পুনৰ প্ৰত্যাৱৰ্তনৰ বাবে কোভিডৰ দুটাকৈ পৰীক্ষা নিগেটিভ অহাটো অতন্তই জৰুৰী ৷