অসম

assam

By

Published : Aug 13, 2020, 5:12 PM IST

ETV Bharat / sports

দ্বিতীয়খন টেষ্টত প্ৰথমে বেটিঙৰ সিদ্ধান্ত পাকিস্তানৰ

বৃহস্পতিবাৰৰ পৰা ইংলেণ্ডৰ চাউথাম্পটনত অনুষ্ঠিত হৈছে পাকিস্তান আৰু ইংলেণ্ডৰ মাজত দ্বিতীয়খন টেষ্ট মেচ ৷ টছত জয় লাভ কৰি পাকিস্তানৰ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত ৷

England vs Pakistan, 2nd Test
দ্বিতীয়খন টেষ্টত প্ৰথমে বেটিং সিদ্ধান্ত পাকিস্তানৰ

স্পৰ্টছ ডেস্ক, 13 আগষ্ট : পাকিস্তান আৰু ইংলেণ্ডৰ মাজত হ’বলগীয়া তিনিখন টেষ্ট শৃংখলাৰ আজি দ্বিতীয়খন টেষ্ট মেচ ৷ চাউথাম্পটনত অনুষ্ঠিত হোৱা দ্বিতীয়খন টেষ্ট মেচত টছত জয় লাভ কৰি পাকিস্তানৰ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত ৷ ইতিমধ্যে শৃংখলাত 1-0 ৰ অগ্ৰগতি লাভ ঘৰুৱা দল ইংলেণ্ডৰ ৷ দ্বিতীয়খন মেচত জয় লাভ কৰি শৃংখলাত সমতা স্থাপন কৰাৰ লগতে শৃংখলাত বৰ্তি থকাৰ লক্ষ্য হ’ব আলহী দল পাকিস্তানৰ ৷

পাকিস্তান দলটোত দ্বিতীয়খন টেষ্টৰ বাবে দীৰ্ঘসময়ৰ অন্তত ফাৱাদ আলমক দলত স্থান দিয়াৰ বিপৰীতে দলৰ পৰা বাহিৰ হৈছে ছাদাব খান ৷ 11 বছৰ অন্তত পাকিস্তান দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ফাৱাদ আলমে ৷ আনহাতে ইংলেণ্ড দলটোত অলৰাউণ্ডাৰ বেন ষ্টক্ছ আৰু জফ্ৰা আৰ্চাৰৰ স্থানত স্থান দিয়া হৈছে জেক ক্ৰাৱলী আৰু ছেম ক’ৰাণক ৷

ইতিমধ্যে শেহতীয়া তথ্য অনুসৰি পাকিস্তানে 6 ৰানৰ দলীয় স্ক’ৰত বিগত মেচত শতক অৰ্জন কৰা ছান মাছুদৰ উইকেট হেৰুৱাইছে ৷ জেমছ এণ্ডাৰছনৰ বলত এলবিডাব্লিউ আউট হৈ 1 ৰান কৰি পেভিলিয়নমুখী হয় ছান মাছুদ ৷

লগতে চাওক-মুম্বাইৰ যুৱ ক্ৰিকেটাৰৰ আত্মহত্যা

ABOUT THE AUTHOR

...view details