অসম

assam

ETV Bharat / sports

চাউথাম্পটন টেষ্ট : বৰষুণৰ বাবে বিলম্ব চতুৰ্থ দিনৰ খেল - ইংলেণ্ড বনাম পাকিস্তান 2020

ইংলেণ্ড আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হৈ থকা দ্বিতীয়খন টেষ্ট মেচত বৰষুণৰ বিধি পথালি ৷ বৰষুণৰ বাবে বিলম্ব চতুৰ্থ দিনৰ খেল ৷

England vs Pakistan : 2nd Test Match delayed due to rain
England vs Pakistan : 2nd Test Match delayed due to rain

By

Published : Aug 16, 2020, 8:36 PM IST

স্পৰ্টছ ডেস্ক, 16 আগষ্ট:ইংলেণ্ড আৰু পাকিস্তানৰ মাজত চাউথাম্পটনৰ এজেছ বউলত চলিত থকা দ্বিতীয়খন টেষ্টত বৰষুণৰ বিধি পথালি ৷ তৃতীয় দিনৰ খেল বৰষুণৰ বাবে সম্পূৰ্ণ ব্যাহত হোৱাৰ পাচত দেওবাৰেও বৰষুণৰ ফলত বিলম্ব হৈছে চতুৰ্থ দিনৰ খেলৰ আৰম্ভণি ৷

বৰ্তমানলৈকে মেচখনত পাকিস্তানে প্ৰথমে বেটিং কৰি প্ৰথম ইনিংছত 236 ৰান কৰিবলৈ সক্ষম হৈছে ৷ পাকিস্তানৰ হৈ সৰ্বাধিক ৰিজৱানে 72 ৰান কৰাৰ বিপৰীতে আবিদ আলীয়ে 60 আৰু বাবৰ আজমে 47 ৰানৰ বৰঙণি আগবঢ়ায় ৷ ইংলেণ্ডৰ হৈ ষ্টুৱাৰ্ড ব্ৰডে 4 টা উইকেট লাভ কৰাৰ বিপৰীতে জেমছ এণ্ডাৰছনে 3 টা, ছেম কুৰাণ আৰু ক্ৰীছ ৱক্ছে 1 টা কৈ উইকেট লাভ কৰে ৷

ইংলেণ্ড বনাম পাকিস্তান

আনহাতে ইংলেণ্ডে নিজৰ প্ৰথম ইনিংছত এক উইকেট হেৰুৱাই বৰ্তমানলৈকে 7 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷ ইতিমধ্যে তিনিখন মেচৰ টেষ্ট শৃংখলাত 1-0 ৰ অগ্ৰগতি লৈ আছে ইংলেণ্ডে ৷ এতিয়া বৰষুণৰ বাবে মেচখন সম্প্ৰতি ড্ৰ’ৰ দিশে অগ্ৰসৰ হৈছে ৷ অহা 21 আগষ্টত চাউথাম্পটনতেই অনুষ্ঠিত হ’ব তৃতীয় তথা চূড়ান্ত মেচখন ৷

লগতে চাওক-সমাপ্ত হ’ল এক বৰ্ণিল অধ্যায়ৰ : আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় ধোনীৰ

ABOUT THE AUTHOR

...view details