স্পৰ্টছ ডেস্ক, 16 ছেপ্তেম্বৰ : শৃংখলা দখলৰ লক্ষ্যৰে বুধবাৰে অৰ্থাৎ আজি অল্ড ট্ৰেফৰ্ডৰ মানচেষ্টাৰত মুখামুখি হ’ব ইয়ন মৰ্গান নেতৃত্বাধীন ইংলেণ্ডৰ বিপৰীতে এৰণ ফিন্সৰ কেংগাৰু বাহিনী ৷ দ্বিতীয়খন এদিনীয়াত শক্তিশালী প্ৰত্যাৱৰ্তনেৰে জয় লাভ কৰি ইতিমধ্যে যথেষ্ট আত্মবিশ্বাসী হৈ আছে ইংলেণ্ড দলটো ৷ গতিকে অষ্ট্ৰেলিয়া দলটোৰ বাবে প্ৰথমখন এদিনীয়াত বিজয় সাব্যস্ত কৰিলেও তৃতীয় তথা নিৰ্ণায়ক মেচখন জয় কৰাটো হৈ পৰিব এক প্ৰত্যাহ্বান স্বৰূপ ৷ প্ৰথমখন এদিনীয়া অষ্ট্ৰেলিয়াই 19 ৰানত বিজয় সাব্যস্ত কৰাৰ বিপৰীতে দ্বিতীয়খন এদিনীয়াত 24 ৰানত জয় লাভ কৰিছিল ইংলেণ্ডে ৷
ভাৰতীয় সময় অনুসৰি বিয়লি 5.30 বজাত অনুষ্ঠিত হ’ব তৃতীয় তথা গুৰুত্বপূৰ্ণ চূড়ান্ত মেচখন ৷ ইতিমধ্যে দুয়োটা দলে তিনিখন মেচৰ এদিনীয়া শৃংখলাটোত 1-1 ৰ সমতা স্থাপন কৰি আছে ৷ গতিকে শৃংখলা জয়ৰ বাবে এই মেচখনত দুয়োটা দলৰ বাবে জয় অপৰিহাৰ্য ৷ এই মেচখনত অষ্ট্ৰেলিয়া দলটোত ষ্টিভ স্মিথৰ প্ৰত্যাৱৰ্তনৰ সম্ভাৱনা অধিক প্ৰকট হৈ পৰিছে ৷