অসম

assam

ETV Bharat / sports

অষ্ট্ৰেলিয়াক 232 ৰানৰ লক্ষ্য ইংলেণ্ডৰ - অল্ড ট্ৰেফৰ্ড মানচেষ্টাৰ

অল্ড ট্ৰেফৰ্ড মানচেষ্টাৰত আজি দ্বিতীয়খন এদিনীয়াত মুখামুখি হৈছে ইংলেণ্ড আৰু কেংগাৰু বাহিনী অষ্ট্ৰেলিয়া ৷ টছত জয় লাভ কৰি ইংলেণ্ডৰ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত ৷ প্ৰথমে বেটিং কৰিবলৈ আহি 9 উইকেট হেৰুৱাই 231 ৰান সংগ্ৰহ ইংলেণ্ডৰ ৷

England vs Australia 2 nd Odi
অষ্ট্ৰেলিয়াক 232 ৰানৰ লক্ষ্য ইংলেণ্ডৰ

By

Published : Sep 13, 2020, 10:21 PM IST

স্পৰ্টছ ডেস্ক, 13 ছেপ্তেম্বৰ : অল্ড ট্ৰেফৰ্ডৰ মানচেষ্টাৰত দেওবাৰে দ্বিতীয়খন এদিনীয়াত মুখামুখি হৈছে ইংলেণ্ড আৰু অষ্ট্ৰেলিয়া৷ টছত জয় লাভ কৰি ইংলেণ্ডৰ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে যদিও বিপৰ্যয়ৰ সন্মুখীন হয় দলটো ৷ দলটোৱে 20 ৰানৰ দলীয় স্ক’ৰতেই প্ৰথমটো উইকেট হেৰুৱায়৷ ইয়াৰ পাচত দ্বিতীয়টো উইকেট হিচাপে জেছন ৰয়ও পেভিলিয়নমুখী হয় ৷ অধিনায়ক মৰ্গান আৰু জ’ ৰুটে দলটোক স্থিৰতা দিয়াৰ চেষ্টা চলাই যদিও 39 ৰানত এডাম জাম্পাৰ বলত কেট্ছ আউট হয় ৰুট ৷ ইয়াৰ পাচত দলটোৱে নিয়মিত ভাৱে উইকেট হেৰুৱায় ৷ দলটোৱে নিৰ্ধাৰিত 50 অভাৰত 9 উইকেট হেৰুৱাই 231 ৰান কৰিবলৈ সক্ষম হয়৷ ইংলেণ্ডৰ হৈ ইয়ন মৰ্গানে 42, টম কাৰাণে 37 আৰু আদিল ৰাছিদে অপৰাজিত 35 ৰানৰ বৰঙণি যোগায় ৷

ষ্টিভ স্মিথ

অষ্ট্ৰেলিয়া দলটোৰ হৈ এডাম জাম্পাই 10 অভাৰত 36 ৰান খৰচ কৰি 3 টা উইকেট দখল কৰাৰ বিপৰীতে মিটচেল ষ্ট্ৰাকে 2 টা, জছ হেজেলউড আৰু পেট কামিন্স আৰু মিটচেল মাৰ্ছে 1 টাকৈ উইকেট লাভ কৰে ৷ অষ্ট্ৰেলিয়াই ইতিমধ্যে তিনিখন মেচৰ শৃংখলাখনত 1-0 ৰ অগ্ৰগতি লাভ কৰি আছে ৷

ইংলেণ্ড বনাম অষ্ট্ৰেলিয়া

উল্লেখ্য যে, অনুশীলনৰ সময়ত মূৰত আঘাতপ্ৰাপ্ত হোৱা ষ্টিভ স্মিথ বৰ্তমানে সম্পূৰ্ণ ফিট হোৱাৰ পাচতো অধিক সতৰ্কতা অৱলম্বন কৰি ক্ৰিকেট অষ্ট্ৰেলিয়াই দ্বিতীয়খন মেচত বিশ্ৰাম দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

লগতে চাওক-ধুবুৰীত আধাৰ কাৰ্ডৰ নামত ধন সংগ্ৰহৰ অভিযোগ

ABOUT THE AUTHOR

...view details