অসম

assam

ETV Bharat / sports

কৰ'ণা পজিটিভ দহগৰাকী পাকিস্তানী ক্ৰিকেটাৰ - 10 গৰাকী পাকিস্তানী ক্ৰিকেটাৰৰ দেহত কৰ'ণা ভাইৰাছ

ইংলেণ্ড ভ্ৰমণলৈ ৰাওনা হোৱাৰ পূৰ্বে পাকিস্তান দলত মোক্ষম আঘাত । পাকিস্তান ক্ৰিকেটৰ দলৰ 29 গৰাকী দলীয় সদস্যৰ ভিতৰত 10 গৰাকী খেলুৱৈৰ দেহত কৰ'ণা ভাইৰাছ । এতিয়া এই পৰিস্থিতিত ক্ৰিকেট শৃংখলা খেলাৰ বাবে ইংলেণ্ডলৈ যোৱা কিমান যুক্তিসংগত তাক লৈ উঠিছে বহু ক্ৰিকেট প্ৰেমীৰ মাজত প্ৰশ্ন ।

England v Pakistan: Ten Pakistani players Corona Positive
England v Pakistan: Ten Pakistani players Corona Positive

By

Published : Jun 24, 2020, 12:17 PM IST

স্পৰ্টছ ডেস্ক, 24 জুনঃ ইংলেণ্ড ভ্ৰমণৰ পূৰ্বেই পাকিস্তান ক্ৰিকেট দললৈ নামি আছে বৃহৎ সমস্যা । মঙলবাৰে পুনৰ সাত গৰাকী খেলুৱৈৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি । ইয়াৰ পূৰ্বে সোমবাৰে তিনিগৰাকী খেলুৱৈৰ দেহত পোৱা গৈছিল মাৰাত্মক ক'ভিডৰ উপস্থিতি । অৰ্থাৎ 24 ঘণ্টাৰ ভিতৰতেই দলটোৰ 10 গৰাকী খেলুৱৈ হৈছে কৰ'ণা পজিটিভ ।

মঙলবাৰে আক্ৰান্ত হোৱা খেলুৱৈ সকল হৈছে ক্ৰমে ফখৰ জামান, ইমৰাণ খান, মহম্মদ হাফিজ, কাছিফ ভট্টী, মহম্মদ ৰিজৱান, মহম্মদ হাছনেনআৰু ৱাহাব ৰিয়াজ ।আনহাতে সোমবাৰে হায়দাৰ আলী, হাৰিছ ৰওফআৰু ছাদাব খানৰ দেহত পোৱা গৈছিল কৰ'ণা ভাইৰাছৰ অৱস্থিতি ।

ইপিনে সংবাদ সূত্ৰৰ মতে, আবিদ আলী, অশ্বদ ছাফিক, অজহৰ আলী, বাবৰ আজম, ফহিম অশ্ৰফ, ফৱাদ আলম, ইফতিকাৰ অহমদ, ইমাম-উল-হক্, সুশিল শ্বাহ, মহম্মদ আব্বাছ, নছীম শ্বাহ, ছৰফৰাজ আহমদ, শ্বাহিন শ্বাহ আফ্ৰিদী, শ্বন মছুদ, ছ'হেল খান আৰু য়াছিৰ শ্বাহৰ ফলাফল নিগেটিভ পোৱা গৈছে ।

পাকিস্তান দলটোৱে অহা আগষ্ট-ছেপ্তেম্বৰ মাহত ইংলেণ্ডৰ গৃহভূমিত ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন টেষ্ট, তিনিখন টি-20 শৃংখলাত অৱতীৰ্ণ হ'ব । COVID-১৯ ৰ অন্তত ক্ৰীড়া কাৰ্যকলাপ আৰম্ভ হোৱাৰ পাচত পাকিস্তান দলটোৰ এইটো হ'ব প্ৰথম আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ । এতিয়া এই ভ্ৰমণ সূচীক লৈ নামি আহিছে অনিশ্চয়তা ।

অৱশ্য়ে এই ঘটনাৰ পাচতেই পিচিবিৰ মুখ্য কাৰ্যবাহী বিষয়া ৱাছিম খানে পাকিস্তান দলৰ ইংলেণ্ড ভ্ৰমণ নিৰ্ধাৰিত সময়সূচী মতেই হ'ব বুলি উল্লেখ কৰিছে । উল্লেখ্য় যে, অহা 28 জুনত পাকিস্তান দলটোৱে ইংলেণ্ড ভ্ৰমণলৈ উৰা মৰাৰ কাৰ্যসূচী আছে ।

লগতে চাওকঃ দিল্লীত নিৰ্মাণ বিশ্বৰ ভিতৰত বৃহৎ অস্থায়ী কৰ'ণা হাস্পতাল!

ABOUT THE AUTHOR

...view details