স্পৰ্টছ ডেস্ক, 20মে’:বিশ্বকাপৰ পূৰ্বে পাকিস্তানৰ বিৰুদ্ধে বৃহৎ জয় ইংলেণ্ডৰ ৷ দেওবাৰে অনুষ্ঠিত অন্তিমখন এদিনীয়াত 54 ৰানত জয় লাভ কৰি পাঁচমেচৰ শৃংখলা 4-0 ব্যৱধানত দখল ৷ পঞ্চমখন এদিনীয়াত ইংলেণ্ড দলটোৱে প্ৰথমে বেটিং কৰি 9 উইকেট হেৰুৱাই 351 ৰান কৰিবলৈ সক্ষম হৈছিল ৷ ইংলেণ্ডৰ হৈ সৰ্বাধিক জু ৰুটে 84 আৰু ইয়ন মৰগানে 76 ৰান কৰিবলৈ সক্ষম হয় ৷ পাকিস্তানৰ হৈ শ্বাহিন আফ্ৰিদীয়ে 4 টা উইকেট দখল কৰাৰ বিপৰীতে ইমাদ ৱাছিমে 3 টা উইকেট দখল কৰে ৷
বিশ্বকাপৰ পূৰ্বে বৃহৎ জয় ইংলেণ্ডৰ - JASON ROY
পঞ্চমখন এদিনীয়াত পাকিস্তানক পৰাস্ত কৰি পাঁচমেচৰ এদিনীয়া শৃংখলাত 4-0 ব্যৱধানত জয় লাভ ইংলেণ্ডৰ ৷ পঞ্চমখন এদিনীয়াত 54 ৰানত জয় লাভ ইংলেণ্ডৰ ৷ ইংলেণ্ডৰ এইটো আছিল ধাৰাবাহিক 11 খন দ্বিপাক্ষিক শৃংখলা জয় ৷
বিশ্বকাপৰ পূৰ্বে বৃহৎ জয় ইংলেণ্ডৰ
এই লক্ষ্যৰ প্ৰত্যুত্তৰত পাকিস্তান দলটোৱে 46.5 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 297 ৰান কৰিবলৈ সক্ষম হয় ৷ পাকিস্তানৰ হৈ ছাৰফৰাজ আহমেদে 97 আৰু বাবৰ আজমে 80 ৰান কৰিবলৈ সক্ষম হয় ৷ ইংলেণ্ডৰ হৈ ক্ৰীছ ৱক্ছে 10 অভাৰত 54 ৰান দি 5 টা উইকেট দখল কৰিবলৈ সক্ষম হয় ৷ মেচখনত সুন্দৰ বলিং কৰা ক্ৰীছ ৱক্ছ‘মেন অফ দ্য মেচ’ৰ খিতাপ দিয়াৰ বিপৰীতে শৃংখলাত সুন্দৰ বেটিং কৰা জেছন ৰয়ে লাভ কৰে ‘প্লেয়াৰ অফ দ্য ছিৰিজ’ৰ খিতাপ ৷
পাঁচ মেচৰ শৃংখলাৰ ফলাফল-
- প্ৰথম এদিনীয়া- বৰষুণৰ বাবে বাতিল
- দ্বিতীয় এদিনীয়া- 12 ৰানত জয় লাভ ইংলেণ্ডৰ
- তৃতীয় এদিনীয়া - 6 উইকেটত জয় লাভ ইংলেণ্ডৰ
- চতুৰ্থ এদিনীয়া - 3 উইকেটত জয় লাভ ইংলেণ্ডৰ
- পঞ্চম এদিনীয়া - 54 ৰানত জয় লাভ ইংলেণ্ডৰ