স্পৰ্টছ ডেস্ক, 30 মাৰ্চঃ সোমবাৰে 2021 চনৰ আইপিএলৰ বাবে ইংলেণ্ড দলৰ খেলুৱৈ জ‘চ বাটলাৰ, বেন ষ্টোকচ আৰু লিয়াম লিভিংষ্টোনে ৰাজস্থান ৰয়েলচৰ শিবিৰত যোগদান কৰে ৷ ৰাজস্থান ৰয়েলছে ইনষ্টাগ্ৰামত এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল য'ত ইংলেণ্ডৰ তিনিজন খেলুৱৈক ভাৰত-ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা এদিনীয়া শৃংখলাৰ সমাপ্তিৰ পাচত দলৰ হোটেলত উপস্থিত হোৱা দেখা যায় ৷
আইপিএল 2021 : ৰাজস্থান ৰয়েলছত ইংলেণ্ডৰ খেলুৱৈৰ যোগদান - আইপিএল 2021
ৰাজস্থান ৰয়েলছৰ শিবিৰত যোগদান জ’চ বাটলাৰ, বেন ষ্টোকচ আৰু লিয়াম লিভিংষ্টোনৰ ৷ ২০২১ চনৰ আইপিএলত ৰাজস্থান ৰয়েলছ দলে মুম্বাইত অনুষ্ঠিত হ'বলগা মেচত পাঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ৷ ১২ এপ্ৰিলত অনুষ্ঠিত হ'ব এই মেচ ৷
২০২১ চনৰ আইপিএলৰ বাবে বিচিচিআইৰ SOP অনুসৰি, সকলো খেলুৱৈ (ভাৰত-ইংলেণ্ড) শৃংখলাৰ বাহিৰে দলৰ সমৰ্থন কৰ্মচাৰী, ব্যৱস্থাপনাত থকা ব্যক্তিসকল হোটেলৰ কোঠাত সাত দিনীয়াকৈ কোৱাৰিন্টিন হ’ব লাগিব । কোৱাৰিন্টিনৰ সময়ছোৱাত প্ৰতিজন ব্যক্তিক একাধিকবাৰ ক'ভিড পৰীক্ষা কৰা হ'ব আৰু নিগেটিভ ফলাফলৰ পিছতহে তেওঁলোকক কোঠাৰ পৰা ওলাই আহি প্ৰশিক্ষণ আৰু অনুশীলনত প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হ'ব । আইপিএলৰ প্ৰথম মেচত ৯ এপ্ৰিলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলিব ৷ উল্লেখ্য যে, ৰাজস্থান ৰয়েলছে মুম্বাইত পাঞ্জাৱ কিংছৰ বিৰুদ্ধে ১২ এপ্ৰিলত প্ৰথমখন মেচত অৱতীৰ্ণ হ'ব ৷
লগতে পঢ়কঃপ্ৰধানমন্ত্ৰী মোডীৰ অসম ভ্ৰমণক লৈ সস্তম অসম আৰক্ষী