স্পৰ্টছ ডেস্ক, 2 ডিচেম্বৰ:নিউজিলেণ্ডৰ ছেড্ডন পাৰ্কৰ হেমিল্টনত নিউজিলেণ্ড আৰু ইংলেণ্ডৰ মাজত চলি থকা দুখন মেচৰ টেষ্ট শৃংখলাৰ অন্তিমখন মেচত 101 ৰানৰ অগ্ৰগতি ইংলেণ্ডৰ ৷ নিউজিলেণ্ডৰ প্ৰথম ইনিংছৰ 375 ৰানৰ প্ৰত্যুত্তৰত ইংলেণ্ডে প্ৰথম ইনিংছত 476 ৰানত অল আউট হয় ৷ জু ৰুটৰ দ্বি-শতক আৰু ৰ’ৰী বাৰ্ণছৰ শতকীয় ইনিংছৰ ফলতেই 101 ৰানৰ বৃহৎ অগ্ৰগতি লাভ ইংলেণ্ডৰ ৷ আনহাতে উইকেটকীপাৰ অলি প’পে 75 ৰানৰ বৰঙণি দিয়ে ৷
নিউজিলেণ্ড বনাম ইংলেণ্ড: 101 ৰানৰ অগ্ৰগতি ইংলেণ্ডৰ - নিউজিলেণ্ডৰ প্ৰথম ইনিংছ 375 ৰান
476 ৰানত অল আউট ইংলেণ্ড ৷ নিউজিলেণ্ডৰ বিৰুদ্ধে 101 ৰানৰ বৃহৎ অগ্ৰগতি ইংলেণ্ডৰ ৷ জ ৰুটৰ দ্বি-শতক ৷
নিউজিলেণ্ড বনাম ইংলেণ্ড: 101 ৰানৰ অগ্ৰগতি ইংলেণ্ডৰ
ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰি টম লেথামৰ শতক (105),আৰু ৰছ টেইলৰ (53), বিজে ৱাটলিং (55), ডাৰ্য়েল মিটচেলৰ (73) অৰ্ধশতকীয় ইনিংছেৰে নিউজিলেণ্ডে প্ৰথম ইনিংছত 375 ৰান কৰিবলৈ সক্ষম হৈছিল ৷
ইতিমধ্যে শৃংখলাত 1-0 ৰ অগ্ৰগতি লাভ কৰি আছে কেন উলিয়ামছন নেতৃত্বাধীন নিউজিলেণ্ড দলটোৱে ৷