অসম

assam

By

Published : Jun 25, 2020, 1:58 PM IST

ETV Bharat / sports

গৃহভূমিত কৈ ইংলেণ্ড অধিক সুৰক্ষিত পাকিস্তান ক্ৰিকেট দলৰ বাবে: হ'ল্ডিং

পাকিস্তানৰ দহ গৰাকীকৈ খেলুৱৈ কৰ'ণা পজিটিভি বুলি পাকিস্তান ক্ৰিকেট ব'ৰ্ডে সদৰি কৰাৰ পাচতেই ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰ মাইকেল হ'ল্ডিঙৰ প্ৰতিক্ৰিয়া। পাকিস্তানত যি হৈ আছে তাৰ পৰা পাকিস্তান দলৰ বাবে ইংলেণ্ড অধিক সুৰক্ষিত বুলি উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ।

england is better place for pakistan players than their home says michael holding
england is better place for pakistan players than their home says michael holding

স্পৰ্টছ ডেস্ক, 25 জুনঃপাকিস্তানত COVID-১৯ ৰ সংক্ৰমণৰ ঘটনাৰ ওপৰত ভিত্তি কৰি পাকিস্তান ক্ৰিকেট দলৰ বাবে গৃহভূমিতকৈ ইংলেণ্ড অধিক সুৰক্ষিত বুলি কয় ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰ মাইকেল হ'ল্ডিঙে ।

শেহতীয়াকৈ পাকিস্তান ক্ৰিকেট দলৰ দহগৰাকী কৈ খেলুৱৈ কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি পাকিস্তান ক্ৰিকেট ব'ৰ্ডে সদৰি কৰাৰ পাচতেই এই প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ । ইংলেণ্ডৰ ভ্ৰমণৰ পূৰ্বে পাকিস্তানৰ 29 জনীয়া সদস্য়ৰ দলটোৰ কৰ'ণা পৰীক্ষণ কৰাইছিল পিচিবিয়ে । অহা 28 জুনত ইংলেণ্ডলৈ ৰাওনা হোৱাৰ কথা পাকিস্তান ক্ৰিকেট দলটো ।

পিচিবিৰ দ্বাৰা প্ৰকাশ কৰা সংক্ৰমিত খেলুৱৈৰ তালিকাত মহম্মদ হাফিজৰ নাম অন্তৰ্ভুক্ত আছিল যদিও খেলুৱৈগৰাকীয়ে নিজাববীয়াকৈ কৰা পৰীক্ষাত তেওঁৰ ফলাফল বুধবাৰে নিগেটিভ অহা বুলি উল্লেখ কৰিছিল খেলুৱৈগৰাকীয়ে ।

হ'ল্ডিঙে এক ইউটিউভ চেনেলত পাকিস্তানত বৰ্তমান সময়ত যি হৈ আছে, তাৰ তুলনাত ইংলেণ্ড সুৰক্ষিত বুলি কয় । উল্লেখ্য় যে, ইংলেণ্ডত অহা 4 জুলাইৰ পৰা নিষেধাজ্ঞা সমূহত শিথিলিতা প্ৰদান কৰা হ'ব । আনহাতে অহা 8 জুলাইৰ পৰা ৱেষ্ট ইণ্ডিজ আৰু ইংলেণ্ডৰ মাজত টেষ্ট শৃংখলাৰো আয়োজন কৰা হ'ব ।

পাকিস্তান ক্ৰিকেট দলটোৱে অহা আগষ্ট-ছেপ্তেম্বৰ মাহত তিনিখন টি-20 আৰু তিনিখন টেষ্ট মেচৰ শৃংখলাত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব । পাকিস্তান দলটোৰ খেলুৱৈৰ কৰ'ণা পজিটিভ পোৱাৰ পিচতেই এই ভ্ৰমণক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে যদিও পাকিস্তান ক্ৰিকেটৰ CEO ৱাছিম খানে ইংলেণ্ডলৈ পাকিস্তান দলৰ ভ্ৰমণৰ কাৰ্যসূচী বাহাল থকাৰ ইংগিত দিয়ে ।

ABOUT THE AUTHOR

...view details