অসম

assam

ETV Bharat / sports

বিশ্বকাপৰ ফাইনেলত ইংলেণ্ড, পৰাস্ত ডিফেণ্ডিং চেম্পিয়ন - 2019 ক্ৰিকেট বিশ্বকাপ

ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াক পৰাস্ত কৰি 2019 ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত স্থান লাভ আয়োজক দেশ ইংলেণ্ডৰ ৷ 8 উইকেটত পৰাস্ত অষ্ট্ৰেলিয়াক ৷

বিশ্বকাপৰ ফাইনেলত ইংলেণ্ড, পৰাস্ত ডিফেণ্ডিং চেম্পিয়ন

By

Published : Jul 11, 2019, 9:51 PM IST

Updated : Jul 11, 2019, 9:57 PM IST

স্পৰ্টছ ডেস্ক, 11 জুলাইঃ বিশ্বকাপৰ ফাইনেলত স্থান লাভ ইংলেণ্ডৰ ৷ দ্বিতীয়খন ছেমিফাইনেলত ইংলেণ্ডৰ হাতত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ হয় ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়া ৷ আজি বাৰ্মিংহামত বিশ্বকাপৰ দ্বিতীয়খন ছেমিফাইনেলত ইংলেণ্ডৰ সন্মুখ সমৰত নামিছিল অষ্ট্ৰেলিয়া ৷ টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল অষ্ট্ৰেলিয়াই ৷ অৱশ্যে অষ্ট্ৰেলিয়াৰ এই সিদ্ধান্ত ভুল প্ৰতিপন্ন কৰিলে ইংলেণ্ডৰ দুৰ্দান্ত বলিঙে ৷ মাত্ৰ 14 ৰানৰ দলীয় স্কৰতেই অষ্ট্ৰেলিয়াৰ অধিনায়ক এৰণ ফিন্স (0), ডেভিদ ৱাৰ্ণাৰ (9) আৰু পিটাৰ হেণ্ডছকম্বক (4) ৰানত পেভিলনলৈ উভতাই পঠিয়াবলৈ সক্ষম হয় ইংলেণ্ডৰ বলাৰে ৷ ষ্টিভ স্মিথৰ সংঘৰ্ষপূৰ্ণ 85 ৰানৰ বিনিময়তে অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত 50 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল 223 ৰান ৷ অষ্ট্ৰেলিয়াৰ হৈ এলেক্স কেৰী 46, মাৰ্কাছ ষ্টইনিছ 0, গ্লেন মেক্সৱেল 22, মিটচেল ষ্ট্ৰাকে 29 ৰানৰ বৰঙণি আগবঢ়ায় ৷ ইংলেণ্ডৰ হৈ ক্ৰীছ ৱক্ছে 8 অভাৰত 20 ৰান দি 3 টা, আদিল ৰাছিদে 10 অভাৰত 54 ৰান দি 3 টা, জফ্ৰা আৰ্ছাৰে 2 টা আৰু মাৰ্ক ৱুডে 1 টা উইকেট দখল কৰে ৷

বিশ্বকাপৰ ফাইনেলত ইংলেণ্ড, পৰাস্ত ডিফেণ্ডিং চেম্পিয়ন

ইয়াৰ প্ৰত্যুত্তৰত ইংলেণ্ডে এক শক্তিশালী আৰম্ভণি কৰিবলৈ সক্ষম হয় ৷ জেছন ৰয় আৰু জনী বেয়াৰেষ্ট’ৱে প্ৰথম উইকেটৰ বাবে সংগ্ৰহ কৰে 124 ৰান ৷ বেয়াৰেষ্ট’ 34 ৰান কৰি আউট হোৱাৰ বিপৰীতে জেছন ৰয় 85 ৰান কৰি পেভিলিয়নমুখী হয় ৷ জ’ ৰুটে অপৰাজিত 49 আৰু অধিনায়ক ইয়ন মৰ্গানে অপৰাজিত 45 ৰান কৰি ইংলেণ্ডৰ জয় নিশ্চিত কৰে ৷ ইংলেণ্ডে 32.1 অভাৰত 2 টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় ৷ অহা 14 জুলাইত নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ ফাইনেলত মুখামুখি হ’ব ইংলেণ্ড ৷

Last Updated : Jul 11, 2019, 9:57 PM IST

ABOUT THE AUTHOR

...view details