স্পৰ্টছ ডেস্ক, 17 ফেব্ৰুৱাৰীঃদেওবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তৃতীয় তথা অন্তিমখন টি-20 মেচত এক ৰোমাঞ্চকৰ মেচত জয় লাভ ইংলেণ্ডৰ ৷ শৃংখলাৰ অন্তিমখন মেচত এক বৃহৎ লক্ষ্য অতিক্ৰম কৰি 5 উইকেটত জয় লাভেৰে শৃংখলা দখল ইংলেণ্ডৰ ৷ মেচখনত দক্ষিণ আফ্ৰিকা দলটোৱে টছত জয় লাভ কৰি প্ৰথমে বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ প্ৰথম উইকেটৰ বাবে দক্ষিণ আফ্ৰিকাৰ অধিনায়ক কুইণ্টন ডি কক আৰু টেম্বা বাবুমাই সংগ্ৰহ কৰে 84 ৰান ৷ ডি ককে 35 ৰান কৰি পেভিলিয়নলৈ উভতে ৷ ইয়াৰ পাচতেই 49 ৰানকৰি বাবুমাইও নিজৰ উইকেট হেৰুৱায় ৷ পাচত দলটোক স্থিৰতা প্ৰদান কৰেহেনৰিচ ক্লাচন আৰু ডেভিদ মিলাৰে ৷ ক্লাচনে 33 টা বলত বিস্ফোৰক 66 ৰান কৰিবলৈ সক্ষম হয় ৷ ইপিনে মিলাৰেঅপৰাজতি 35 ৰান কৰিবলৈ সক্ষম হয় ৷ দলটোৱে নিৰ্ধাৰিত 20 অভাৰত 6 টা উইকেটহেৰুৱাই 222 ৰান কৰিবলৈ সক্ষম হয় ৷ ইংলেণ্ডৰ হৈ টম কৰণে 2 টা, বেন ষ্ট’কছে 2 টা আৰু মাৰ্ক উড আৰু আদিল ৰাছিদে 1 টাকৈ উইকেট লাভ কৰে ৷
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ইংলেণ্ডৰ বৃহৎ জয় - England win 2-1 t20i series'
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তৃতীয় তথা অন্তিম আন্তঃৰাষ্ট্ৰীয় টি-20 মেচত পাঁচ উইকেটত জয় লাভ ইংলেণ্ডৰ ৷ ৰোমাঞ্চকৰ জয় লাভেৰে শৃংখলা দখল ইংলেণ্ডৰ ৷
![দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ইংলেণ্ডৰ বৃহৎ জয় দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ইংলেণ্ডৰ বৃহৎ জয়](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6098214-958-6098214-1581913843388.jpg)
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ইংলেণ্ডৰ বৃহৎ জয়
ইয়াৰ প্ৰত্যুত্তৰত ইংলেণ্ডৰ আৰম্ভণি সুন্দৰ নহয় যদিও অৱশেষত 19.1 অভাৰত 5 টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় ৷ ইংলেণ্ডৰ হৈ জছ বাটলাৰে 29 বলত 57, জনী বেয়াৰেষ্ট’ই 34 বলত 64 আৰু অধিনায়ক ইয়ন মৰ্গনে অপৰাজিত 22 বলত 57 ৰানকৰি দলটোৰ জয় নিশ্চিত কৰে ৷ ইয়াৰ লগে-লগে শৃংখলা 2-1ৰে দখল কৰিবলৈ সক্ষম হয় ইংলেণ্ডে ৷ প্ৰথমখন টি-20 ত দক্ষিণ আফ্ৰিকাই 1 ৰানত জয় লাভ কৰাৰ বিপৰীতে দ্বিতীয়খন টি-20 ত ইংলেণ্ডে 2 ৰানত বিজয় সাব্যস্ত কৰিছিল ৷ ইয়ন মৰ্গানক প্লেয়াৰ অফ দ্য মেচৰ লগতে প্লেয়াৰ অফ দ্য ছিৰিজও ঘোষণা কৰা হয় ৷