অসম

assam

ETV Bharat / sports

বিশ্বকাপৰ পিচত পুনৰ ছুপাৰ অভাৰত ইংলেণ্ডৰ হাতত পৰাস্ত নিউজিলেণ্ড

পুনৰ এক ৰোমাঞ্চকৰ মেচত জয় লাভ ইংলেণ্ডৰ ৷ আকৌ ছুপাৰ অভাৰত ইংলেণ্ডৰ হাতত পৰাস্ত কিৱি বাহিনী ৷

By

Published : Nov 10, 2019, 11:22 AM IST

Updated : Nov 10, 2019, 11:38 AM IST

বিশ্বকাপৰ পিচত পুনৰ ছুপাৰ অভাৰত ইংলেণ্ডকৰ হাতত পৰাস্ত নিউজিলেণ্ড

স্পৰ্টছ ডেস্ক, 10 নৱেম্বৰ: নিউজিলেণ্ড আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈছিল অন্তিমখন টি-20 মেচ ৷ ৰোমাঞ্চকৰ মেচখনত ছুপাৰ অভাৰত জয় লাভ ইংলেণ্ডৰ ৷ 9 ৰানত পৰাস্ত নিউজিলেণ্ড ৷ অকলেণ্ডত অনুষ্ঠিত হৈছিল নিউজিলেণ্ড আৰু ইংলেণ্ডৰ মাজত অন্তিমখন টি-20 মেচ ৷ পাঁচ মেচৰ শৃংখলাৰ অন্তিমখন মেচত জয় লাভ কৰি 3-2 ব্যৱধানত শৃংখলা জয় ইংলেণ্ডৰ ৷ ছুপাৰ অভাৰত 18 ৰানৰ লক্ষ্য বান্ধি দিছিল ইংলেণ্ডে ৷ ইয়াৰ প্ৰত্যুত্তৰত 1 উইকেট হেৰুৱাই মাত্ৰ 8 ৰান কৰিবলৈ সক্ষম হয় নিউজিলেণ্ড দলটোৱে ৷ চতুৰ্থখন টি-20 মেচত জয় লাভ কৰি শৃংখলাত 2-2 ৰ সমতা স্থাপন কৰিবলৈ সক্ষম হৈছিল ইংলেণ্ড দলটোৱে ৷

মেচখনত টছত জয় লাভ কৰি প্ৰথমে বলিঙ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ইংলেণ্ডে ৷ বৰষুণৰ বাবে 11 অভাৰলৈ হ্ৰাস কৰা হৈছিল অন্তিমখন টি-20 মেচখন ৷ নিউজিলেণ্ডে প্ৰথমে বেটিং কৰি 5 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছিল 146 ৰান ৷ নিউজিলেণ্ডৰ হৈ মাৰ্টিন গুপটিলে 20 টা বলত 50, কলিন মুনৰুৱে 21 টা বলত 46, কলিন ডি গ্ৰেণ্ডহোমে 6, টিম ছাইফৰ্টে39, ৰছ টেইলৰে 3 আৰু জিমি নিছামে 1 ৰান কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ প্ৰত্যুত্তৰত ইংলেণ্ডে 7 উইকেট হেৰুৱাই 146 ৰান সংগ্ৰহ কৰাত মেচখন টাইত সমাপ্ত হয় ৷ ইংলেণ্ডৰ হৈ জনী বেয়াৰেষ্ট’ই সৰ্বাধিক 47 ৰান কৰাৰ বিপৰীতে টম বান্টন7, জেমছ ভিন্সে 1, ইয়ন মৰ্গানে 17, ছেম কাৰণে 24, ছেম ব্লিংছে 11, লেৱিছ জৰ্জিয়ে 6, টম কৰণে 12 আৰু ক্ৰীছ জৰ্ডানেঅপৰাজিত 12 ৰান কৰিবলৈ সক্ষম হয় ৷ জনী বেয়াৰেষ্ট’ক প্লেয়াৰ অফ দ্য মেচ ঘোষণা কৰাৰ বিপৰীতে প্লেয়াৰ অফ দ্য ছিৰিজ লাভ কৰে নিউজিলেণ্ডৰ মিটচেল চেণ্টনাৰে ৷

জনী বেয়াৰেষ্ট’ক প্লেয়াৰ অফ দ্য মেচ ঘোষণা

উল্লেখ্য যে, ইংলিণ্ডে প্ৰথমখন আৰু চতুৰ্থখন টি-20 ত জয় লাভ কৰাৰ বিপৰীতে দ্বিতীয় আৰু চতুৰ্থখন টি-20 ত নিউজিলেণ্ডে জয় লাভ কৰিবলৈ সক্ষম হৈছিল ৷ প্ৰথমখন টি-20 ত ইংলেণ্ডে 7 উইকেটত, দ্বিতীয়খন টি-20 ত নিউজিলেণ্ডে 21 ৰানত, তৃতীয়খন টি-20ত নিউজিলেণ্ডে 14 ৰানত আৰু চতুৰ্থখন টি-20 ইংলেণ্ডে 76 ৰানত জয় লাভ কৰিবলৈ সক্ষম হৈছিল ৷

Last Updated : Nov 10, 2019, 11:38 AM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details