অসম

assam

ETV Bharat / sports

ৰোমাঞ্চকৰ স্থিতিত ইংলেণ্ড-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয়খন টেষ্ট - ইংলেণ্ড বনাম ৱেষ্ট ইণ্ডিজ 2020

মেনচেষ্টৰৰ অল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত হৈ আছে ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন টেষ্ট ৷ অন্তিমটো দিনত শক্তিশালী স্থিতিত ইংলেণ্ড ৷

ৰোমাঞ্চকৰ স্থিতিত ইংলেণ্ড-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয়খন টেষ্ট
ৰোমাঞ্চকৰ স্থিতিত ইংলেণ্ড-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয়খন টেষ্ট

By

Published : Jul 20, 2020, 4:28 PM IST

স্পৰ্টছ ডেস্ক, 20 জুলাই : ৰোমাঞ্চকৰ স্থিতিত ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন টেষ্ট ৷ মেনচেষ্টৰৰ অল্ড ট্ৰেফৰ্ডত চলি থকা দ্বিতীয়খন টেষ্টৰ অন্তিম দিনা ইংলেণ্ডৰ 250 ৰানতকৈ অধিক অগ্ৰগতি ৷

ৰোমাঞ্চকৰ স্থিতিত ইংলেণ্ড-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয়খন টেষ্ট

মেচখনত প্ৰথমে বেটিং কৰি ইংলেণ্ডে বেন ষ্ট’কছৰ 176 আৰু ড’মিনিক চিবলিৰ 120 ৰানৰ বিনিময়ত প্ৰথম ইনিংছত 469 ৰানৰ বিশাল স্ক’ৰ গঢ়ি 9 উইকেট হেৰুৱাই ইনিংছ ঘোষণা কৰে ৷ ৱেষ্ট ইণ্ডিজৰ হৈ ৰষ্টন চেজে 5 টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজ দলটোৱেও সুস্থিৰ আৰম্ভণি কৰে যদিও মধ্যক্ৰমত অত্যাধিক উইকেট হেৰুৱাত 287 ৰান কৰি অল আউট হয় ৷

ৰষ্টন চেজৰ অৰ্ধশতকৰ ফলত ৱেষ্ট ইণ্ডিজে ফল্ অন ৰক্ষা কৰিবলৈ সক্ষম হয় ৷ ৱেষ্ট ইণ্ডিজৰ হৈ ক্ৰেগ ব্ৰেথৱেটে 75 আৰু শ্বামৰাহ ব্ৰুকছে 68 ৰানৰ ইনিংছ খেলে ৷ ইংলেণ্ডৰ হৈ ষ্টুৱাৰ্ড ব্ৰড আৰু ক্ৰীছ ৱক্ছে 3 টাকৈ উইকেট লাভ কৰে ৷ এতিয়া অন্তিমটো দিনত অতি সোনকালে ইনিংছ ঘোষণা কৰাৰ লগতে ৱেষ্ট ইণ্ডিজৰ 10 টা উইকেট পতন কৰাৰ লক্ষ্য হ’ব ইংলেণ্ডৰ ৷ বৰ্তমানলৈকে ইংলেণ্ডে দ্বিতীয় ইনিংছত 3 টা উইকেট হেৰুৱাই 90 ৰান কৰিবলৈ সক্ষম হৈছে ৷ ইংলেণ্ডে প্ৰথম ইনিংছত 182 ৰানৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছিল ৷

তিনিখন টেষ্ট মেচৰ শৃংখলাত ৱেষ্ট ইণ্ডিজ দলটো 1-0 ৰ অগ্ৰগতি লৈ আছে ৷

ABOUT THE AUTHOR

...view details