স্পৰ্টছ ডেস্ক, 1 জানুৱাৰী: চাৰিদিনীয়া টেষ্ট ক্ৰিকেটৰ প্ৰতি সমৰ্থন আগবঢ়াইছে ইংলেণ্ড আৰু ৱেল্ছ ক্ৰিকেট বৰ্ডে ৷ বৰ্ডৰ প্ৰৱক্তাগৰাকীয়ে কয়, আমি চাৰিদিনীয়া টেষ্ট ক্ৰিকেটৰ প্ৰতি সমৰ্থক ৷ কিন্তু এই বিষয়ে সতৰ্ক লোৱাৰ প্ৰয়োজন আছে কিয়নো এই বিষয়টো খেলুৱৈ,অনুৰাগী তথা এই খেলৰ প্ৰতি লৈ জড়িত থকা লোক সকলৰ আৱেগৰ লগত জড়িত ৷ এই ব্যৱস্থাই টেষ্ট ক্ৰিকেটৰ ঐতিহ্যৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব নেকি তাৰ প্ৰতিও আমি লক্ষ্য ৰাখিব লাগিব ৷
চাৰিদিনীয়া টেষ্ট মেচৰ প্ৰতি সমৰ্থন ইচিবিৰ - four-day Test in future
চাৰিদিনীয়া টেষ্ট ক্ৰিকেট কৰাক লৈ চিন্তা-চৰ্চা চলি থকাৰ মাজতেই চাৰিদিনীয়া টেষ্ট মেচৰ প্ৰতি সমৰ্থন জনাইছে ইংলেণ্ড ক্ৰিকেট বৰ্ডে ৷
ইচিবিয়ে লগতে কয়, আমি সদায় ক্ৰিকেট অনুৰাগীক ক্ৰিকেটৰ আটাইতকৈ দীঘলীয়া ফৰ্মেটৰ প্ৰতি অধিক আকৰ্ষিত কৰাৰ বাবে চেষ্টা চলাই যাম আৰু আমাৰ মুখ্য প্ৰাথমিকতাৰ এক অংশ হৈছে টেষ্ট ক্ৰিকেটৰ ভৱিষ্যত অংকিত কৰা ৷
উল্লেখ্য যে, 2023 বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত চাৰিদিনীয়া টেষ্ট অনুষ্ঠিত কৰাক লৈ আইচিচি য়ে শীঘ্ৰই এই বিষয়ে চিন্তা-চলোৱাৰ সম্ভাৱনা আছে ৷ যদিহে চাৰি দিনীয়া টেষ্ট মেচৰ আয়োজন কৰা হয় তেন্তে প্ৰতিদিনে মেচত অভাৰ পৰিমাণ বৃদ্ধি কৰি98অভাৰ কৰা হ'ব ৷ বৰ্তমান পাঁচদিনীয়া টেষ্ট মেচত 90 অভাৰৰ বলিং কৰাৰ নিয়ম আছে ৷ লক্ষ্যণীয় যে, 2018 চনৰ আৰম্ভণীৰ পৰাই 60 শতাংশ মেচতেই চাৰি দিনৰ ভিতৰতেই ফলাফল লাভ কৰা হৈছে ৷ এই বৰ্ষত আফগানিস্তানৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াই চাৰিদিনীয়া টেষ্ট শৃংখলাত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে ৷