স্পৰ্টছ ডেস্ক, 6 আগষ্ট : পূৱ দিল্লীৰ সাংসদ গৌতম গম্ভীৰে মঙলবাৰে পাকিস্তানৰ প্ৰাক্তন অল ৰাউণ্ডাৰ শ্বাহিদ আফ্ৰিদীক অনুচ্ছেদ 370 বাতিলকৰণ সন্দৰ্ভত কটাক্ষ কৰে ৷ পাক অধিকৃত কাশ্মীৰত মানৱতাৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধ আৰু আগ্ৰাসন অতি সোনকালেই নাইকিয়া কৰা হ'ব বুলি গম্ভীৰে আফ্ৰিদীক টুইটাৰৰ জৰিয়তে উপহাস কৰা দেখা যায় ৷
অনুচ্ছেদ 370 সন্দৰ্ভত আফ্ৰিদীক কটাক্ষ গম্ভীৰৰ - শ্বাহিদ আফ্ৰিদী
জম্মু - কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিলৰ পাচতে মন্তব্য আগবঢ়োৱা আফ্ৰিদীক কটাক্ষ কৰে গম্ভীৰে ৷
উল্লেখ্য যে, সোমবাৰে অনুচ্ছেদ 370 বাতিলৰ পাচতে পাকিস্তানী অল ৰাউণ্ডাৰ গৰাকীয়ে ৰাষ্ট্ৰসংঘই এই বিষয়ত নিৰৱতা অৱলম্বন কৰাৰ বাবে সমালোচনা আগবঢ়াইছিল আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে এই বিষয়ত হস্তক্ষেপ কৰিব লাগে বুলি মন্তব্য কৰিছিল ৷
অনুচ্ছেদ 370 বাতিলকৰণৰ জৰিয়তে জম্মু - কাশ্মীৰক প্ৰদান কৰা বিশেষ ৰাজ্যৰ অধিকাৰ কাঢ়ি লোৱাৰ লগতে ৰাজ্যখনৰ বাসিন্দা সকলৰ বাহিৰে দেশৰ অন্য লোকে সেই অঞ্চলত মাটি কিনিব পাৰিব ৷ ইয়াৰোপৰি, জম্মু - কাশ্মীৰক দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰাৰ প্ৰস্তাৱ ৰখা হৈছিল ৷