অসম

assam

ETV Bharat / sports

আফ্ৰিদীক কটাক্ষ সুৰেশ ৰাইনাৰ : কাশ্মীৰক এৰি, নিজৰ বিফল ৰাষ্ট্ৰৰ বাবে কিবা কৰাৰ আহ্বান ! - সুৰেশ ৰাইনা

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কাশ্মীৰ বিবাদকলৈ পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ছাহিদ আফ্ৰিদীৰ বিতৰ্কিত মন্তব্য কৰাৰ পাচতেই গৌতম গম্ভীৰ, শিখৰ ধাৱন, যুৱৰাজ সিং, হৰভজন সিংৰ প্ৰতিক্ৰিয়াৰ পাচত সুৰেশ ৰাইনাৰ কটাক্ষ আফ্ৰিদীক ।

do something for your failed nation suresh raina hits back at shahid afridi over his kashmir remarks
do something for your failed nation suresh raina hits back at shahid afridi over his kashmir remarks

By

Published : May 18, 2020, 6:05 PM IST

স্পৰ্টছ ডেস্ক, ১৮ মে':ভাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কাশ্মীৰ সন্দৰ্ভত পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ছাহিদ আফ্ৰিদীৰ বিতৰ্কিত মন্তব্যৰ পাচতেই ভাৰতীয় ক্ৰিকেট দলৰ সদস্য় সুৰেশ ৰাইনাৰ প্ৰতিক্ৰিয়া । টুইটাৰত ছাহিদ আফ্ৰিদীক কটাক্ষ কৰি সুৰেশ ৰাইনাই কয়,হে ভগৱান, এজন লোক প্ৰাসংগিক হ'বলৈ কি কি নকৰে । সেইটোও সেই দেশৰ মানুহ যি আনৰ সহায়ত জীয়াই আছে । সেইবাৰে কাশ্মীৰক অকলে এৰি নিজৰ বিফল ৰাষ্ট্ৰৰ বাবে কিবা কৰাৰ ওপৰত মনোযোগ দিয়ক । ইয়াৰ লগতে তেওঁ উল্লেখ কৰি কয়, মই এজন গৌৰাম্বিত কাশ্মীৰি হয় আৰু সদায় থাকিম । কাশ্মীৰ সদায় ভাৰতৰ অংশ হৈ থাকিব । জয় হিন্দ ।

ৰাইনাৰ পূৰ্বে গৌতম গম্ভীৰ, শিখৰ ধাৱন, যুৱৰাজ সিং আৰু হৰভজন সিঙো আফ্ৰিদীৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

গম্ভীৰে টুইট কৰি কয়, পাকিস্তানৰ কাষত ৭ লাখ সৈন্য আছে আৰু তেওঁলোকৰ পিচত থিয় আছে ২০ কোটি জনতা । এনে কথা কৈছে এজন ১৬ এজন বছৰীয়া লোক ছাহিদ আফ্ৰিদীয়ে । তাৰ পিচতো ৭০ বছৰে কাশ্মীৰৰ বাবে ভীক্ষা খুজি আহিছে । আফ্ৰিদী, ইমৰাণ আৰু বাজৱাৰ দৰে জ'কৰে ভাৰত, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে কেৱল বিষবাষ্প বিয়পাব পাৰিব । যাৰ দ্বাৰা পাকিস্তানৰ লোক সকলক মূৰ্খ বনাই আহিছে । কিন্তু বিচাৰৰ দিন পৰ্যন্ত কাশ্মীৰ লাভ কৰিব নোৱাৰিব । স্মৰণ আছে নহয় বাংলাদেশ ?

শিখৰ ধাৱনৰ টুইট কৰি প্ৰতিক্ৰিয়া-

যুৱৰাজ সিঙৰ টুইট-

দৰাচলতে, ছ'চিয়েল মিডিয়াত শেহতীয়াকৈ এটা ভিডিঅ' ভাইৰেল হৈছিল য'ত পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ছাহিদ আফ্ৰিদীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীক ভয়াতুৰ কোৱাৰ লগতে কাশ্মীৰৰ বিষয়ক লৈ মন্তব্য কৰা দেখা পোৱা গৈছে ।

ভিডিঅ'টোত আফ্ৰিদীয়ে কৈছিল, মই আপোনালোকৰ সৈতে লগ পাই আনন্দ অনুভৱ কৰিছো । কিন্তু এটা ডাঙৰ বেমাৰ বিশ্বত বিয়পি আছে বৰ্তমান । কিন্তু ইয়াতকৈ এটা ডাঙৰ বেমাৰ মোডীৰ অন্তৰ-মগজুত অৱস্থিত আছে । সেই বেমাৰটো হৈছে সাম্প্ৰদায়িক বেমাৰ । সাম্প্ৰদায়কলৈ তেওঁ ৰাজনীতি কৰি আহিছে । আমাৰ কাশ্মীৰৰ ভাতৃ-ভগ্নী, বৃদ্ধা সকলৰ ওপৰত অকথ্য নিৰ্যাতন চলাই আহিছে । তেওঁক উত্তৰ দিব লাগিব । এনে মোডীয়ে নিজক বহুত সাহসী দেখুৱাৰ চেষ্টা কৰে, কিন্তু আচলতে তেওঁ এজন ভয়াতুৰ । কণমানি কাশ্মীৰৰ বাবে তেওঁ ৭ লাখ সৈনিক মোতায়েন কৰিছে । ইয়াৰ বিপৰীতে পাকিস্তানতে মুঠ সৈনিক আছে ৭ লাখ । তেওঁ নাজানে সেই সকলৰ পিচত ২২-২৩ কোটি সৈনিক ৰৈ আছে । ৰাষ্ট্ৰ সংঘৰ স্থাপনৰ উদ্দেশ্যও বুজি পোৱা নাই বুলি কৈছিল আফ্ৰিদীয়ে ।

ABOUT THE AUTHOR

...view details