অসম

assam

চুক্তিৰ পৰা বাদ দিয়াৰ পূৰ্বে অৱগত কৰা হৈছিল ধোনীক

চুক্তিৰ পৰা বাদ দিয়াৰ পূৰ্বে ধোনীক অৱগত কৰা হৈছিল বুলি জানিবলৈ দিয়ে বিচিচিআইৰ এক সূত্ৰই ৷ তিনিখন টি-20 মেচত অংশগ্ৰহণ কৰিলেহে চুক্তিত অন্তৰ্ভূক্ত কৰা হ'ব ধোনীক ৷

By

Published : Jan 17, 2020, 3:14 AM IST

Published : Jan 17, 2020, 3:14 AM IST

বিচিচিআইৰ চুক্তিৰ পৰা বাদ পৰিল ধোনী
এম. এছ. ধোনী

স্পৰ্টছ ডেস্ক, 17 জানুৱাৰী : বিচিচিআইৰ চুক্তিৰ পৰা বাদ দিয়াৰ পূৰ্বে অৱগত কৰোৱা হৈছিল উইকেট কীপাৰ বেটছমেন তথা প্ৰাক্তন ভাৰতীয় অধিনায়ক এম. এছ. ধোনীক ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে ভাৰতীয় ক্ৰিকেট বৰ্ডে ঘোষণা কৰা চুক্তিবদ্ধ ক্ৰিকেটাৰৰ নামৰ তালিকাত স্থান লাভ কৰা নাছিল ধোনীয়ে ৷

এম. এছ. ধোনী

বিচিচিআইৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি, "ধোনীক অৱগত কৰা হৈছিল যে বিচিচিআইয়ে ঘোষণা কৰিবলগা চুক্তিৰ তালিকাত তেওঁৰ নাম নাথাকিব ৷ তিনিখন টি-20 মেচত অংশগ্ৰহণ কৰিলেহে বিচিচিআইয়ে এই সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰিব ৷"

38 বৰ্ষীয় ধোনীয়ে বৰ্তমান ক্ৰিকেটৰ পৰা বিৰতি গ্ৰহণ কৰিছে ৷ তেওঁ শেষবাৰৰ বাবে বিশ্বকাপ ক্ৰিকেটৰ ছেমিফাইনেলত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিছিল ৷ বিশ্বকাপত তেওঁ ধীৰ গতিৰ বেটিঙৰ বাবে ক্ৰিকেট অনুৰাগীৰ সমালোচনাৰ সন্মুখীন হ'বলগা হৈছিল ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে বিচিচিআইয়ে ঘোষণা কৰে অক্টোবৰ 2019 ৰ পৰা ছেপ্টেম্বৰ 2020 লৈ চুক্তিবদ্ধ ক্ৰিকেটাৰৰ নাম ৷ এই তালিকা অনুসৰি A+ কেটেগৰীৰ ক্ৰিকেটাৰে 7 কোটি, A কেটেগৰীৰ ক্ৰিকেটাৰে 5 কোটি, B আৰু C কেটেগৰীৰ ক্ৰিকেটাৰে ক্ৰমে 3 কোটি আৰু 1 কোটি টকা লাভ কৰিব ৷

ক্ৰম অনুযায়ী বিভিন্ন কেটেগৰীৰ ক্ৰিকেটাৰসকল হ'ল -
A+ কেটেগৰী : বিৰাট কোহলী, ৰোহিত শৰ্মা আৰু জছপ্ৰীত বুমৰাহ
A কেটেগৰী : ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা, ভূৱনেশ্বৰ কুমাৰ, চেতেশ্বৰ পূজাৰা, আজিংকা ৰাহানে, কে. এল. ৰাহুল, শিখৰ ধাৱান, মহম্মদ ছামী, ঈশান্ত শৰ্মা, কুলদ্বীপ যাদৱ, ঋষভ পন্ত
B কেটেগৰী : ঋধিমান সাহা, উমেশ যাদৱ, য়ুজবেন্দ্ৰ ছাহাল, হাৰ্ডিক পাণ্ডিয়া, মায়ংক আগৰৱাল
C কেটেগৰী : কেদাৰ যাদৱ, নৱদ্বীপ ছাইনী, দীপক চাহাৰ, মনিশ পাণ্ডে, হনুমা বিহাৰী, শাৰদুল ঠাকুৰ, শ্ৰেয়াস আয়াৰ, ৱাশ্বিংটন সুন্দৰ

আৰু পঢ়ক : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সমতা স্থাপনৰ লক্ষ্যৰে নামিব ভাৰত

ABOUT THE AUTHOR

...view details