স্পৰ্টছ ডেস্ক, 15 ছেপ্তেম্বৰঃবৰষুণৰ আশংকাই দেখা দিছে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় টি-20 মেচত৷ হিমাচল প্ৰদেশৰ ধৰ্মশালাত অনুষ্ঠিত হ’ব এই উত্তেজনা পূৰ্ণ মেচখন৷ অৱশ্যে মেচখনক লৈ আহিছে অনিশ্চয়তা ৷ বতৰ বিজ্ঞানৰ মতে, পূৰ্ণ সম্ভাৱনা আছে প্ৰৱল বৃষ্টিপাতৰ ৷
ধৰ্মশালা টি-20 মেচত বৰষুণৰ আশংকা !
আজি হিমাচল প্ৰদেশৰ ধৰ্মশালাত অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় টি-20 মেচ ৷ তিনিখন মেচৰ টি-20 শৃংখলাত অৱতীৰ্ণ হ’ব দক্ষিণ আফ্ৰিকা ৷
ধৰ্মশালা টি-20 মেচত বৰষুণৰ আশংকা
যদি মেচখনৰ পূৰ্বে অথবা মাজভাগত বৰষুণ হয় তেন্তে দ্ৰুতবেগী বলাৰৰ বাবে সহায়ক হ’ব মেচখন ৷ ভাৰতৰ হৈ এই শৃংখলাত হাৰ্দিক পাণ্ডিয়াই প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হৈছে৷ আনহাতে বিশ্ৰাম দিয়া হৈছে মহম্মদ ছামী, ভূৱনেশ্বৰ কুমাৰ, জছপ্ৰীত বোমৰাহক ৷