অসম

assam

ETV Bharat / sports

আন্তঃৰাষ্ট্ৰীয় টি-20 ত দীপক চহাৰৰ বিশ্ব অভিলেখ - আন্তঃৰাষ্ট্ৰীয় টি-20 ত দীপক চহাৰৰ বিশ্ব অভিলেখ

টি-20ৰ ইতিহাসত ভাৰতীয় বলাৰ দীপক চহাৰৰ অভিলেখ ৷ বাংলাদেশৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় টি-20 ক্ৰিকেটত আটাইতকৈ কম ৰান দি 6 উইকেট দখল কৰা প্ৰথমগৰাকী খেলুৱৈ হ’ল চহাৰ ৷

আন্তঃৰাষ্ট্ৰীয় টি-20 ত দীপক চহাৰৰ বিশ্ব অভিলেখ

By

Published : Nov 11, 2019, 8:49 AM IST

স্পৰ্টছ ডেস্ক, 11 নৱেম্বৰ: দীপক চহাৰৰ দুৰ্দান্ত বলিঙৰ আগত তচনচ বাংলাদেশ ক্ৰিকেট দল ৷ বাংলাদেশৰ বিৰুদ্ধে হেটট্ৰিক অৰ্জন কৰাৰ লগতে 3.2 অভাৰত 7 ৰান দি 6 উইকেট দখল কৰি টি-20ত বিশ্ব অভিলেখ চহাৰৰ ৷ আন্তঃৰাষ্ট্ৰীয় টি-20 ক্ৰিকেটত আটাইতকৈ কম ৰান দি 6 উইকেট দখল কৰা প্ৰথমগৰাকী খেলুৱৈ হ’ল চহাৰ ৷ ইয়াৰ পূৰ্বে এই অভিলেখ আছিল শ্ৰীলংকাৰ অজন্তা মেন্দিছৰ নামত ৷ জিম্বাবৱেৰ বিৰুদ্ধে আঠ ৰান দি 6 টা উইকেট দখল কৰিছিল মেন্দিছে ৷

বাংলাদেশৰ বিৰুদ্ধে অন্তিমখন টি-20ত দীপক চহাৰৰ সুন্দৰ প্ৰদৰ্শনৰ বাবে মেন অফ দ্য মেচ লাভ কৰাৰ লগতে মেন অফ দ্য ছিৰিজ প্ৰদান কৰা হয় চহাৰক ৷

3-2 ব্যৱধানত শৃংখলা দখল ভাৰতৰ

উল্লেখ্য যে,এই মেচখনত যুজৱেন্দ্ৰ চহলেও অভিলেখ গঢ়িবলৈ সক্ষম হয়৷ আন্তঃৰাষ্ট্ৰীয় টি-20 ত 50 টা উইকেট সম্পূৰ্ণ কৰা ভাৰতৰ দ্ৰুততম বলাৰ হয় চহল৷ ভাৰতে 30 ৰানত তৃতীয়খন টি-20 মেচ জয় লাভ কৰি শৃংখলা 3-2 ব্যৱধানত নিজৰ নাম কৰিবলৈ সক্ষম হয় ৷

লগতে চাওক: ভাৰত-বাংলাদেশ দিবা-নৈশ টেষ্টত 50 হাজাৰ দৰ্শকৰ সম্ভাৱনা

ABOUT THE AUTHOR

...view details