অসম

assam

ETV Bharat / sports

কলকাতা টেষ্টঃ 106 ৰানত প্ৰথম ইনিংছত ধৰাশায়ী বাংলাদেশ - Ishant Sharma picks 5 wicket

পিংক টেষ্টত ভাৰতীয় পেছ বলাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ৷ 106 ৰানত ধৰাশায়ী বাংলাদেশ ৷ ইশান্ত শৰ্মাৰ পাঁচটা উইকেট দখল ৷

কলকাতা টেষ্টঃ ইডেন গাৰ্ডেনত অল আউট বাংলাদেশ

By

Published : Nov 22, 2019, 6:37 PM IST

স্পৰ্টছ ডেস্ক, 22 নৱেম্বৰ:কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা ঐতিহাসিক টেষ্ট মেচত দুৰ্দান্ত প্ৰদৰ্শন ভাৰতৰ ৷ প্ৰথম ইনিংছত ধৰাশায়ী হয় বিদেশী দলটো ৷ টছত জয় লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল বাংলাদেশ ক্ৰিকেট দলটোৱে ৷ প্ৰথমে বেটিং কৰি কেৱল 30.3 অভাৰত 106 ৰান কৰি অল আউট হয় বাংলাদেশ দলটো ৷ মেচখনত ইশান্ত শৰ্মাৰ পাঁচটা উইকেট দখল ৷ বাংলাদেশৰ হৈ শ্বাদমান ইছলামে সৰ্বাধিক 23 ৰান কৰিবলৈ সক্ষম হয় ৷ আনহাতে ইমৰুল কায়েছ 4, অধিনায়কমমিনুল হক 0, মহম্মদ মিথুন 0, মুছফিকুৰ ৰহিম 0, মহম্মদুল্লাহ 6, লিটন দাস 24 (ৰিটায়াৰ হাৰ্ট), নায়িম হাছান 19,ইবাদত হুছেইন1, মেহন্দি হাছান 8, আবু জায়েদ 0 আৰু অল-আমিন হুছেইনে

অপৰাজিত 1 ৰানৰ বৰঙণি আগবঢ়ায় ৷

ভাৰতৰ হৈ ইশান্ত শৰ্মাই 12 অভাৰত 22 ৰান দি 5 টা, উমেশ যাদৱে 7 অভাৰত 29 ৰান দি3 টা, মহম্মদ শ্বামীয়ে 10.3 অভাৰত 36 ৰান দি 2 টা উইকেট দখল কৰে ৷

ABOUT THE AUTHOR

...view details