অসম

assam

ETV Bharat / sports

নিষেধাজ্ঞা প্ৰত্যাহাৰৰ বাবে পাক প্ৰধানমন্ত্ৰীক অনুৰোধ ডেনিছ কেনেৰিয়াৰ - নিষেধাজ্ঞা প্ৰত্যাহাৰৰ বাবে পাক প্ৰধানমন্ত্ৰীক অনুৰোধ কেনেৰিয়াৰ

নিষেধাজ্ঞা প্ৰত্যাহাৰৰ বাবে প্ৰধানমন্ত্ৰী ইমৰান খান আৰু পাকিস্তান ক্ৰিকেট ব'ৰ্ডক সহায়ৰ অনুৰোধ কৰে ডেনিছ কেনেৰিয়াই ৷ নিষেধাজ্ঞাৰ ফলত 'জীৱনৰ গতিপথ সলনি' হোৱা বুলি মন্তব্য কৰে খেলুৱৈগৰাকীয়ে ৷

পাক প্ৰধানমন্ত্ৰীক অনুৰোধ
ডেনিছ কেনেৰিয়া

By

Published : Dec 27, 2019, 3:12 PM IST

স্পৰ্টছ ডেস্ক, 27 ডিচেম্বৰ : পাকিস্তানৰ ক্ৰিকেটাৰ ডেনিছ কেনেৰিয়াই তেওঁৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ বাবে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান আৰু পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ সহায় ভিক্ষা কৰিছে ৷ নিষেধাজ্ঞাৰ ফলত 'জীৱনৰ গতিপথ সলনি' হোৱা বুলি মন্তব্য কৰে ডেনিছ কেনেৰিয়াই ৷

ইমৰান খান

উল্লেখ্য যে, এছেক্সৰ হৈ এখন মেচত ফিক্সিং কৰাৰ অভিযোগত দোষী সাব্যস্ত হৈছিল খেলুৱৈগৰাকী ৷ ইয়াৰ পাচতে বিষয়টো নিস্পত্তিৰ বাবে পাকিস্তানৰ বহু লোকৰ কাষ চাপিছিল যদিও কোনেও তেওঁক সহায়ৰ বাবে আগবাঢ়ি নাহিল বুলি মন্তব্য কৰে ক্ৰিকেটাৰগৰাকীয়ে ৷ পাকিস্তানৰ অন্য বহু ক্ৰিকেটাৰৰ বিষয়সমূহ সমাধান কৰা হ'ল যদিও তেওঁৰ বিষয়টোৰ ওপৰতহে গুৰুত্ব আৰোপ কৰা নহ'ল বুলি তেওঁ মন্তব্য কৰে ৷

"মই ক্ৰিকেটাৰ হিচাপে পাকিস্তানৰ বাবে শ্ৰেষ্ঠ উজাৰি দিছো আৰু ইয়াৰ বাবে মই গৌৰৱ অনুভৱ কৰো ৷ প্ৰয়োজনৰ সময়ত মোক পাকিস্তানে সহায় কৰিব বুলি আশা ৰাখিছো" - কেনেৰিয়াৰ মন্তব্য ৷

প্ৰাক্তন বলাৰ ছোয়েব আখটাৰে সমৰ্থন জনোৱাৰ বাবে কেনেৰিয়াই ধন্যবাদ জ্ঞাপন কৰে ৷ তেওঁ কয়, "আজি মই ছোয়েব আখটাৰৰ সাক্ষাৎকাৰ দেখিলো ৷ তেওঁ সকলোৰে আগত সঁচা কথা কোৱা বাবে ধন্যবাদ জ্ঞাপন কৰিছো ৷ ইয়াৰোপৰি,যিসকল ক্ৰিকেটাৰে মোক সমৰ্থন জনাইছে সকলোকে এজন ক্ৰিকেটাৰ হিচাপে ধন্যবাদ জ্ঞাপন কৰিছো ৷ আৰু সংবাদ মাধ্যম,ক্ৰিকেট প্ৰশাসন আৰু পাকিস্তানবাসীক ধৰ্মীয় ভিন্নতাৰ পাচতো সমৰ্থন জনোৱাৰ বাবে ধন্যবাদ জনালো ৷"

39 বৰ্ষীয় ডেনিছ কেনেৰিয়াই পাকিস্তানৰ হৈ 61 খন টেষ্ট মেচত অংশগ্ৰহণ কৰিছিল ৷ অনিল ডালপটৰ পাচত তেওঁ পাকিস্তানৰ হৈ অংশগ্ৰহণ কৰা দ্বিতীয়জন হিন্দু ক্ৰিকেটাৰ ৷

কেনেৰিয়াই লগতে কয়, "পূৰ্বে মোৰ সাহস নাছিল যদিও আখটাৰৰ বিবৃতিৰ পাচত যিকেইজন খেলুৱৈয়ে মোৰ সৈতে বৈষম্যমূলক ব্যৱহাৰ কৰিছিল সকলোৰে নাম কম ৷"

আৰু পঢ়ক : অষ্ট্ৰেলিয়াৰ দশকটোৰ শ্ৰেষ্ঠ এদিনীয়া দলৰ অধিনায়ক ঘোষণা ধোনীক

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details