স্পৰ্টছ ডেস্ক, 28 জুলাই : শনিবাৰে নিউজিলেণ্ড ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ডেনিয়েল ভেট্টৰীক স্পীন পৰামৰ্শদাতা হিচাপে নিযুক্তি প্ৰদান কৰিছে বাংলাদেশ ক্ৰিকেট ব'ৰ্ডে ৷ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'ব লগা টি-20 বিশ্বকাপ, 2020 পৰ্যন্ত বাংলাদেশৰ স্পীনাৰ সকলক প্ৰশিক্ষণ দিবলৈ সন্মতি প্ৰদান কৰিছে ভেট্টৰীয়ে ৷ তেওঁৰ উপৰি দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন পেচ বলাৰ চাৰ্ল কেনেথ লেংগেভেল্ডটক পেচ বলিঙৰ প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ৷ তেওঁ পূৰ্ণকালীন সময়ৰ বাবে বাংলাদেশ দলৰ পেচ বলৰ প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰিব ৷
বাংলাদেশ ক্ৰিকেটত যোগদান ডেনিয়েল ভেট্টৰীৰ - চাৰ্ল লেংগেভেল্ডট
বাংলাদেশৰ স্পীন প্ৰশিক্ষক হিচাপে যোগদান কৰিছে ডেনিয়েল ভেট্টৰীয়ে ৷ চাৰ্ল কেনেথ লেংগেভেল্ডটে পেচ বলিং প্ৰশিক্ষক হিচাপে যোগদান কৰিছে ৷
উল্লেখ্য যে, নিউজিলেণ্ডৰ হৈ অভিলেখ সংখ্যক উইকেট দখলকাৰী 40 বৰ্ষীয় ভেট্টৰীয়ে 2015 চনত আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল ৷ তেওঁ আইপিএলৰ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু অষ্ট্ৰেলিয়াৰ বিগ বেছ লীগৰ ব্ৰীছবেন হিট দলৰ প্ৰধান প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷
ইয়াৰোপৰি, 44 বৰ্ষীয় লেংগেভেল্ডটে দক্ষিণ আফ্ৰিকা দলৰ হৈ 2001 ৰ পৰা 2010 চনলৈ 87 খন আন্তৰাষ্ট্ৰীয় মেচত অংশগ্ৰহণ কৰিছিল ৷ বাংলাদেশ দলত যোগদান কৰাৰ পূৰ্বে তেওঁ আফগানিস্তান ক্ৰিকেট দলৰ বলিং প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ তেওঁ দক্ষিণ আফ্ৰিকাৰ বলিং প্ৰশিক্ষক হিচাপেও দায়িত্ব পালন কৰিছিল ৷