স্পৰ্টছ ডেস্ক, 10 ছেপ্তেম্বৰ : চেন্নাই চুপাৰ কিংছৰ পেচাৰ দীপক চাহাৰ দুবাৰকৈ কৰ'ণা ভাইৰাছ নেগেটিভ প্ৰমাণিত হোৱাৰ পাচতে দলৰ হোটেললৈ উভতে ৷ উল্লেখ্য যে, আইপিএলত অংশগ্ৰহণৰ বাবে ডুবাইত উপস্থিত হোৱাৰ পাচতে কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছিল চাহাৰ আৰু এজন ক্ৰিকেটাৰ ৷
দুবাৰকৈ ক'ভিড-19 নেগেটিভ দীপক চাহাৰ, উভতিল দলৰ হোটেললৈ - আইপিএল 2020
চেন্নাই চুপাৰ কিংছৰ পেচাৰ দীপক চাহাৰ দুবাৰকৈ কৰ'ণা ভাইৰাছ নেগেটিভ প্ৰমাণিত হোৱাৰ পাচতে দলৰ হোটেললৈ উভতে ৷ উল্লেখ্য যে, আইপিএলত অংশগ্ৰহণৰ বাবে ডুবাইত উপস্থিত হোৱাৰ পাচতে কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছিল চাহাৰ আৰু এজন ক্ৰিকেটাৰ ৷
এই সম্পৰ্কত চেন্নাই দলৰ মুখ্য কাৰ্যবাহী বিষয়া কে. বিশ্বনাথনে কয়, "ক'ভিড-19 নেগেটিভ প্ৰমাণিত হোৱাৰ পাচতে দলৰ হোটেললৈ উভতিছে দীপক চাহাৰ ৷ বিচিচিআইৰ প্ৰটকল অনুসৰি চাহাৰে এক কাৰ্ডিঅ'ভেছকুলাৰ পৰীক্ষণ সম্পন্ন কৰিব লাগিব আৰু ইয়াৰ পৰাই তেওঁৰ স্বাস্থ্য সম্পৰ্কত জানিব পৰা যাব ৷"
উল্লেখ্যে যে, ডুবাইত উপস্থিত হোৱাৰ পাচতে কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা বাবে দীপকে এক পৃথক হোটেলত 14 দিনৰ আইশ্ব'লেছনত থাকে ৷ বিশ্বনাথনে দীপকৰ প্ৰত্যাৱৰ্তন সন্দৰ্ভত কয়, "এয়া তেওঁৰ সুস্থতাৰ ওপৰত নিৰ্ভৰ কৰিব ৷ মই এতিয়াই সময় নিৰ্ধাৰণ কৰিব নোৱাৰো যদিও অতি কমেও চাৰি দিন লাগিব ৷ কিন্তু এয়া নিশ্চিত নহয় ৷"