স্পৰ্টছ ডেস্ক,22 ডিচেম্বৰ:প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সুৰেশ ৰাইনা আৰু কন্ঠশিল্পী গুৰু ৰন্ধাৱাক গ্ৰেপ্তাৰ ৷ মুম্বাই বিমানবন্দৰৰ কাষৰ ড্ৰাগনফ্লাই ক্লাৱত চলা তালাচীত গ্ৰেপ্তাৰ কৰা হয় দুয়োগৰাকীকে ৷ অৱশ্যে পৰৱৰ্তী সময়ত দুয়োকে জামিন প্ৰদান কৰা হয় ৷ ৰাইনা আৰু ৰন্ধাৱাৰ উপৰিও আন 32 গৰাকী লোককো ক্লাৱত ক’ভিড 19ৰ নিয়মাৱলী উলংঘন কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হয় ৷
আটাই কেইগৰাকীকে ভাৰতীয় দণ্ডবিধি আইনৰ 188,269 আৰু 34 ধাৰৰ উপৰিও NMDAৰ অধীনত গ্ৰেপ্তাৰ কৰা হোৱা বুলি জানিবলৈ দিয়ে চাহাৰ আৰক্ষী চকীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই ৷