অসম

assam

By

Published : Jul 10, 2020, 4:28 PM IST

ETV Bharat / sports

ব্লেক লাইভছ মেটাৰ আন্দোলনৰ প্ৰতি সংহতি 'ক্ৰিকেট দক্ষিণ আফ্ৰিকা'ৰ

ক্ৰিকেট দক্ষিণ আফ্ৰিকা প্ৰতিষ্ঠিত হৈছিল অ-বৰ্ণবাদ আৰু একতাৰ অন্তৰ্ভুক্ত নীতিৰে । সংখ্যাগৰিষ্ঠ সমৰ্থিত বিজয়ীসকলক প্ৰকৃত ৰাষ্ট্ৰীয় ক্ৰীড়া হিচাপে গঢ় দিবলৈ ক্ৰিকেট দক্ষিণ আফ্ৰিকাৰ দৃষ্টিভংগীত এক বিবৃতি অনুসৰি ব্লেক লাইভছ মেটাৰ আন্দোলন নীতিৰ অনুৰণন বিচাৰি পাইছে ।

Cricket South Africa extend solidarity with 'Black Lives Matter' movement
Cricket South Africa extend solidarity with 'Black Lives Matter' movement

স্পৰ্টছ ডেস্ক, 10 জুলাই :ব্লেক লাইভছ মেটাৰ আন্দোলনৰ প্ৰতি সংহতি জনায় ক্ৰিকেট দক্ষিণ আফ্ৰিকাৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী বিষয়া জেক্ ফাউলে কয় যে, ৰাষ্ট্ৰীয় ক্ৰীড়া সংস্থাই সকলো ধৰণৰ বৈষম্য সমূহ আঁতৰাবলৈ শিক্ষিত আৰু আনৰ কথা শুনিবলৈ এক উচিত মঞ্চ ব্য়ৱহাৰ কৰিব ।

তেওঁ লগতে কয়, ব্লেক লাইভছ মেটাৰ সিমানেই সৰল যিমান ৰাষ্ট্ৰীয় ক্ৰীড়া সন্থা হিচাপে 56 মিলিয়নতকৈ অধিক দক্ষিণ আফ্ৰিকাৰ প্ৰতিনিধিত্ব কৰা আৰু আমাৰ বৃহৎ মঞ্চৰ মালিস্বত্ব লাভৰ বিশেষ অধিকাৰ অৰ্জন কৰা । আমি আমাৰ কন্ঠৰ ব্য়ৱহাৰ কৰি সকলো ধৰণৰ বৰ্ণ বৈষম্যৰ বিষয়ত লোকক শিক্ষিত কৰাৰ লগতে, আনৰ কথা শুনাটো আমাৰ বাবে গুৰুত্বপূৰ্ণ ।

ব্লেক লাইভছ মেটাৰ আন্দোলনৰ প্ৰতি সংহতি ক্ৰিকেট দক্ষিণ আফ্ৰিকাৰ

ক্ৰিকেট দক্ষিণ আফ্ৰিকা প্ৰতিষ্ঠিত হৈছিল অ-বৰ্ণবাদ আৰু একতা অন্তৰ্ভুক্ত নীতিৰে । সংখ্যা গৰিষ্ঠ সমৰ্থিত বিজয়ী সকলক প্ৰকৃত ৰাষ্ট্ৰীয় ক্ৰীড়া হিচাপে গঢ় দিবলৈ, ক্ৰিকেট দক্ষিণ আফ্ৰিকাই এক বিবৃতিত ব্লেক লাইভছ মেটাৰ আন্দোলন নীতিৰ অনুৰণন বিচাৰি পাইছে বুলি উল্লেখ কৰে ।

আনহাতে অহা 18 জুলাইত নেল্সন মেণ্ডেলা আন্তৰ্জাতিক দিৱস উদযাপনৰ সময়ত বিএলএম প্ৰচাৰৰ জৰিয়তে বৰ্ণবাদ বিৰোধী বাৰ্তাতো ক্ৰিকেট দক্ষিণ আফ্ৰিকাই অধিক প্ৰচাৰ চলাব বুলি জানিবলৈ দিয়ে ।

জেক্ ফাউল

বুধবাৰে ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজত হোৱা প্ৰথমখন টেষ্টত আঁঠু কাঢ়ি দুয়োটা দলৰ খেলুৱৈ, আম্পায়াৰে বৰ্ণ বৈষম্যৰ বিৰুদ্ধে আৰু ব্লেক লাইভছ মেটাৰ আন্দোলনৰ প্ৰতি সংহতি জনায় । ক্ৰীড়া জগতত বাৰুকৈ দেখা পোৱা গৈছে ব্লেক লাইভছ মেটাৰ আন্দোলনৰ প্ৰভাৱ ।

ABOUT THE AUTHOR

...view details