স্পৰ্টছ ডেস্ক, 30 ছেপ্টেম্বৰঃ ক্ৰিকেটৰ প্ৰতি ভাবুকি আনিছে জলবায়ু পৰিৱৰ্তনে ৷ ক্ৰিকেটৰ ভৱিষ্যতক লৈ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ইয়ান চেপেলৰ প্ৰতিক্ৰিয়া ৷ চেপেলৰ মতে, টেষ্ট ক্ৰিকেটৰ বাবে টি-20 ক্ৰিকেটৰ লগতে ভাবুকি হৈ পৰিছে জলবায়ু পৰিৱৰ্তন ৷
এটা ৱেবচাইটত দিয়া বিবৃতিত চেপেলে কয়,
শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা এছেজ শৃংখলা 2-2 ব্যৱধানত সমাপ্ত হয় ৷ এই শৃংখলাই ক্ৰিকেটৰ দীঘলীয়া ফৰ্মেট টেষ্ট ক্ৰিকেটক জীৱিত ৰাখিছে যদিও আগন্তুক দিনত জলবায়ু পৰিৱৰ্তনে বিশেষকৈ টেষ্ট ক্ৰিকেটৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব বুলি উদিগ্ন প্ৰকাশ কৰে চেপেলে ৷ সেয়ে এই বিষয়ে ক্ৰিকেটৰ প্ৰশাসনিক বিষয়া সকলক গুৰুত্ব সহকাৰে উচিত পদক্ষেপ ল’বলৈ আহ্বান জনায় ৷
বৰ্তমান সময়ত খেল জগতৰ বাবে জলবায়ু পৰিৱৰ্তন তথা বতৰ পৰিৱৰ্তন হৈছে এক চিন্তনীয় বিষয় ৷ উল্লেখ্য যে, ব্ৰিটেইনত বিশ্বকাপ আয়োজিত হোৱাৰ পাছৰে পৰা প্ৰত্যক্ষ কৰিলে দেখা পোৱা যায় যে, বৰষুণৰ বাবে বহু মেচ বাতিল হৈছে ৷ তেনেকৈ আগন্তুক দিনত তাপমাত্ৰা বৃদ্ধি ইত্যাদি সমস্যাও খেলুৱৈসকলৰ স্বাস্থ্যৰ বাবে হৈ পৰিব যথেষ্ট হানীকাৰক ৷ আপুনি কল্পনা কৰক বৰষুণৰ বাবে নহয় আগন্তুক সময়ত অত্যাধিক তাপমাত্ৰাৰ বাবে খেলপথাৰৰ ত্যাগ কৰিছে খেলুৱৈসকল ৷ কাৰণ অধ্যাতিক তাপমাত্ৰাই খেলুৱৈ সকলৰ হীট-ষ্ট্ৰক, চৰ্ম কেঞ্চাৰ আদি মাৰাত্মক ৰোগ হোৱাৰ লগতে শ্বাস-প্ৰশ্বাস আদিত অসুবিধাৰ সৃষ্টি কৰিব ৷ গতিকে এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ক্ৰিকেট বৰ্ড সকলে অতি সাৱধানতা অৱলম্বন কৰা দৰকাৰ ৷