স্প’ৰ্টছ ডেস্ক, 7 অক্টোবৰ : 42 বছৰীয়া হ’ল ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বেগী বলাৰ জাহিৰ খান ৷ ভাৰত তথা ৰয়েল চেলেঞ্জাৰ্চ বেংগালুৰু দলৰ অধিনায়ক বিৰাট কোহলী, ভাৰতীয় দলৰ ধ্ৰুপদী বেটচমেন ভি ভি এছ লক্ষ্মণ আৰু যুৱৰাজ সিঙে জন্ম দিনৰল শুভকামনা জনায় জাহিৰ খানক ৷
42 তম জন্ম দিনত জাহিৰ খানক শুভেচ্ছা সতীৰ্থৰ বৰ্তমান আই পি এলত মুম্বাই ইণ্ডিয়ানচ দলৰ ক্ৰিকেট অপাৰেশ্যনৰ পৰিচালক হিচাপে সংযুক্ত আৰৱ এমিৰেটচত আছে জাহিৰ ৷ টুইটাৰযোগে কোহলীয়ে শুভেচ্ছা বাৰ্তাত জাহিৰ খানৰ সুখ আৰু সফলতা কামনা কৰে ৷
যুৱৰাজ সিঙে নিজৰ শুভেচ্ছা বাৰ্তাত এটা ভিডিঅ’ প্ৰেৰণ কৰে য’ত কিছুমান বিশেষ মূহুৰ্ত দেখা পোৱা গৈছে ৷ টুইটাৰযোগে যুৱৰাজে প্ৰেৰণ কৰা ভিডিঅ’টোত শিৰোনাম দিয়ে ‘টু মাই ব্ৰাডাৰ ফ্ৰম আনাডাৰ মাদাৰ’ ৷ ভি ভি এছ লক্ষ্মণে নিজৰ টুইটযোগে জাহিৰ খানক শুভেচ্ছা জনোৱাৰ লগতে আগন্তুক বছৰটো শুভ হোৱাৰ কামনা কৰে ৷ প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ কাইফেও জাহিৰ খানক জন্মদিনৰ শুভেচ্ছা জনোৱাৰ লগতে জাহিৰৰ দ্ৰত বেগী বলিঙৰ প্ৰশংসা কৰে ৷ আই চি চি আৰু বি চি চি আইয়েও প্ৰাক্তন বেগী বলাৰ গৰাকীলৈ জন্মদিনৰ শুভ কামনা জনায় ৷
লগতে পঢ়ক :আইপিএল2020: কেএল ৰাহুলৰ শিৰত ‘Orange Cap’,ৰাবাডাৰ শিৰত ‘Purple Cap’