স্পৰ্টছ ডেস্ক, 11 মাৰ্চ : কৰ'ণাভাইৰাছে আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰা বাবে ভাৰত বনাম দক্ষিণ আফ্ৰিকা মেচত দৰ্শকৰ ভিৰ পৰিলক্ষিত নহ'ব ৷ ভাৰতত বৰ্তমানলৈকে 61 জন লোক কৰ'ণাভাইৰাছত আক্ৰান্ত হোৱাৰ ফলত হিমাচল প্ৰদেশ ক্ৰিকেট ষ্টেডিয়াম শূন্য হৈ থকাৰ সম্ভাৱনা আছে ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত প্ৰথমখন এদিনীয়া মেচ অনুষ্ঠিত হ'ব ৷
22,000 আসনযুক্ত ষ্টেডিয়ামখনৰ প্ৰায় 40 শতাংশ আসন বুধবাৰলৈকে বিক্ৰী নোহোৱাকৈ থাকি যায় ৷
এই সম্পৰ্কত ষ্টেডিয়াম কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি, কৰ'ণাভাইৰাছ আতংকৰ পৰিপেক্ষিতত জনসমাগৰ পৰা আঁতৰত থাকিবৰ বাবে এনেদৰে দৰ্শকে টিকেট ক্ৰয় কৰা নাই ৷