স্পৰ্টছ ডেস্ক, 2 এপ্ৰিল :ক'ভিড-19 ত আক্ৰান্ত হোৱাৰ ছয় দিন পাচত আজি চিকিৎসালয়ত ভৰ্তি হৈছে প্ৰাক্তন ভাৰতীয় অধিনায়ক তথা লিটল মাষ্টাৰ খ্যাত শচীন তেণ্ডুলকাৰ ৷ সতৰ্কতামূলক ব্যৱস্থা হিচাপে চিকিৎসালয়ত ভৰ্তি হয় ক্ৰিকেটাৰ গৰাকী ৷ 47 বৰ্ষীয় ক্ৰিকেটাৰ গৰাকীয়ে টুইটাৰৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে ৷
তেণ্ডুলকাৰে কয়, "আপোনালোকৰ শুভেচ্ছা আৰু প্ৰাৰ্থনাৰ বাবে ধন্যবাদ ৷ চিকিৎসা বিভাগৰ পৰামৰ্শ অনুসৰি, সতৰ্কতামূলক ব্যৱস্থা হিচাপে মই চিকিৎসাধীন হৈছো ৷ কিছু দিনৰ ভিতৰতে ঘৰলৈ উভতিম ৷ সকলোৱে নিজৰ স্বাস্থ্যৰ যতন লওঁক ৷"
উল্লেখ্য যে, 27 মাৰ্চত ক'ভিডত আক্ৰান্ত হৈছিল তেণ্ডুলকাৰ আৰু তেতিয়াৰ পৰা আইশ্ব'লেছনত আছিল ৷
2011 চনৰ বিশ্বকাপ জয়ী ভাৰতীয় দলৰ সদস্য শচীন তেণ্ডুলকাৰে এই জয়ৰ 10 বছৰ সম্পূৰ্ণ হোৱা বাবে সতীৰ্থ সকলক শুভেচ্ছা জ্ঞাপন কৰে ৷