অসম

assam

ETV Bharat / sports

আগন্তুক সপ্তাহৰ পৰা অনুশীলন আৰম্ভ কৰিব ইংলেণ্ড ক্ৰিকেট দলে - ইংলেণ্ড ক্ৰিকেট দলৰ নিৰ্দেশক এশ্লে জাইল্স

কৰ'ণা ভাইৰাছ মহামাৰীৰ ফলতেই স্তব্ধ হৈ পৰিছে বিশ্ব জগতৰ সকলো ক্ৰীড়া কাৰ্যকলাপ । ইয়াৰ মাজতেই ইংলেণ্ড ক্ৰিকেট দলৰ নিৰ্দেশক এশ্লে জাইল্সৰ গুৰুত্বপূৰ্ণ মন্তব্য ।

covid-19 england cricket team to resume training under strict protocols
covid-19 england cricket team to resume training under strict protocols

By

Published : May 15, 2020, 2:57 PM IST

স্পৰ্টছ ডেস্ক, ১৫ মে': কৰ'ণা ভাইৰাছৰ মহামাৰীৰ মাজতেই আগন্তুক সপ্তাহৰ পৰা নিজা-নিজা অনুশীলনত নামিব ইংলেণ্ডৰ ক্ৰিকেট দলৰ খেলুৱৈ সকল । এক সংবাদ সূত্ৰৰ মতে, ইংলেণ্ড ক্ৰিকেট দলৰ নিৰ্দেশক এশ্লে জাইল্সে ক্ৰিকেটৰ পুনৰ প্ৰত্যাৱৰ্তনৰ বাবে এইয়া ল'বলগীয়া প্ৰাৰম্ভিক পদক্ষেপ বুলি উল্লেখ কৰিছে । COVID-19 ৰ মহামাৰীৰ ফলত স্তব্ধ হৈ পৰা ক্ৰিকেটৰ কাৰ্যকলাপত লাহে-লাহে গতি অহাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে ।

তথ্য অনুসৰি প্ৰথম অৱস্থাত ইংলেণ্ড দলৰ বলাৰ সকলে পৃথক-পৃথক কাউণ্টি খেলপথাৰত অনুশীলন আৰম্ভ কৰিব । সেই সময়ত খেলুৱৈ সকলৰ লগত প্ৰশিক্ষক ,ফিজিঅ'থেৰাপিষ্ট ইত্যাদিৰ লোকো লগত থাকিব । অন্যান্য খেলুৱৈ সকলে দুই সপ্তাহৰ পাচত অনুশীলন আৰম্ভ কৰিব ।

আগন্তুক সপ্তাহৰ পৰা অনুশীলন আৰম্ভ কৰিব ইংলেণ্ড ক্ৰিকেট দলে

বৰ্তমান সময়ত ইংলেণ্ড এণ্ড ৱেল্স ক্ৰিকেট বৰ্ডে চৰকাৰৰ সৈতে ক্ৰিকেটৰ সুৰক্ষিত প্ৰত্যাৱৰ্তনৰ বাবে চৰ্চা অব্যাহত ৰাখিছে । মাৰ্চ মাহৰ মধ্য ভাগৰ পৰাই কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ সহাৰী ৰূপৰ প্ৰতি লক্ষ্য ৰাখিয়ে ইংলেণ্ডত সকলো ক্ৰিকেটৰ কাৰ্য-কলাপ বন্ধ কৰি দিয়া হৈছিল । আনকি জুলাই মাহলৈ সকলো পেশাগত ক্ৰিকেটৰ কাৰ্য-কলাপতো নিষেধাজ্ঞা জাৰি কৰা হৈছে । আনহাতে পাকিস্তানৰ সৈতে হ'বলগীয়া শৃংখলা সন্দৰ্ভত অহা ১৮ মে'ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ।

ABOUT THE AUTHOR

...view details