অসম

assam

ETV Bharat / sports

কৰ'ণা ভাইৰাচে খেলুৱৈ সকলকো সাধাৰণ মানুহৰ জীৱন যাপন কৰিবলৈ বাধ্য় কৰালেঃ মাৰ্ক ৱুড - ইংলেণ্ডৰ বেগী বলাৰ মাৰ্ক ৱুড

ইংলেণ্ডৰ বেগী বলাৰ মাৰ্ক ৱুডে কয় যে, এইয়া এক সংকটময় সময়, যিয়ে মোক পৰিয়াল আৰু বন্ধুবৰ্গৰ স্বাস্থ্য সম্পৰ্কে চিন্তিত কৰি তুলিছে ।

কৰ'ণা ভাইৰাচে খেলুৱৈ সকলকো সাধাৰণ মানুহকো সাধাৰণ মানুহ কৰিলেঃ মাৰ্ক ৱুড
কৰ'ণা ভাইৰাচে খেলুৱৈ সকলকো সাধাৰণ মানুহকো সাধাৰণ মানুহ কৰিলেঃ মাৰ্ক ৱুড

By

Published : Apr 10, 2020, 2:48 PM IST

লণ্ডন, 10 এপ্ৰিলঃ ইংলেণ্ডৰ বেগী বলাৰ মাৰ্ক ৱুডে কয় যে মহমাৰী বিয়পোৱা কৰ'ণা ভাইৰাচে খেলুৱৈ সকলকো সাধাৰণ মানুহৰ লেখিয়া কৰিলে । গোলকীয় স্বাস্থ্যৰ সংকটময় সময়ত খেলুৱৈ সকলো সাধাৰণ মানুহৰ দৰেই চিন্তিত আৰু অসুৰক্ষিত ।

COVID-19 মহামাৰীৰ বাবে এতিয়ালৈ বিশ্বত 80,000 ৰো অধিক লোকৰ মৃত্যু হৈছে । 15 লাখৰো অধিক লোক আক্ৰান্ত হৈছে । সেয়ে ইংলেণ্ডৰ বেগী বলাৰ জনো পৰিয়াল আৰু বন্ধুবৰ্গৰ স্বাস্থ্যক লৈ চিন্তিত হৈ আছে ।

30 বছৰীয়া খেলুৱৈ গৰাকীয়ে ইংলেণ্ডৰ কাকত এখনত লিখে যে, এনেকুৱা সময় থাকে য'ত পেছাদাৰী খেলুৱৈয়ে নিজৰে দুনীয়াত থাকে । কৰ'ণা ভাইৰাচে সকলো নষ্ট কৰি দিছে । নিজৰ পদৰ্শন, ফিটনেচ, পৰৱৰ্তী খেলৰ বিষয়ে চিন্তাৰ সলনি সাধাৰণ লোকৰ দৰেই এতিয়া চিন্তা কৰিবলগীয়া হৈছে ।

তেওঁ কয় যে, "মই ইংলেণ্ডৰ হৈ ক্ৰিকেট খেলো, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে, দেশ যি পৰিস্থিতিৰ মাজেৰে গতি কৰিছে তাৰ পৰা মই বাচি যাম । ময়ো এতিয়া চুপাৰমাৰ্কেটত গৈ শাৰী পাতি থিয় হৈছো, ছুলি খুৰাই দিছো কাৰন পৰৱৰ্তী সময়ত কেতিয়া ছুলি কাটিব পাৰিম নেজানো ।"

উল্লেখ্য যে, কৰ'ণা ভাইৰাচৰ বাবে ইংলেণ্ডটো জাৰি আছে লক ডাউন ।

ABOUT THE AUTHOR

...view details