স্পৰ্টছ ডেস্ক,১৩ মাৰ্চ: সামাজিক মাধ্যমত ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম বলাৰ যশপ্ৰীত বুমৰাহৰ বিবাহক লৈ চৰ্চা অব্যাহত আছে । ইতিমধ্যে খবৰ আহিছে যে বুমৰাহে গোৱাৰ এক স্থানত ১৪ বা ১৫ মাৰ্চত মডেল তথা টিভি এংকৰ সঞ্জনা গণেশনৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ব । এই কথা নিশ্চিত কৰে অভিনেত্ৰী তাৰা শৰ্মা চালুজাই । তাৰাই ইনষ্টাগ্ৰামৰ এটা পোষ্টত দুয়োগৰাকীকে শুভেচ্ছা জনোৱা দেখা গৈছে । বৈবাহিক জীৱনৰ শুভেচ্ছা জনোৱাৰ লগতে তাৰাৰ নিজৰ অনুষ্ঠান 'দ্য তাৰা শৰ্মা শ্ব'ৰ ছিজন ৬ ত দুয়োগৰাকীকে লগ পোৱাৰো আশা কৰিছে ।
ইফালে বুমৰাহে পূৰ্বে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডক ব্যক্তিগত কাৰণত যোৱা মাহত ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা ভাৰতৰ শৃংখলাৰ পৰা অব্যাহতি দিবলৈ অনুৰোধ জনাইছিল । জানিব পৰা মতে, বিভিন্ন সময়ত ক্ৰিকেটৰ ঘোষিকা হিচাপে থকা সঞ্জনা বৰ্তমান ছুটীত আছে ।