স্পৰ্টছ ডেস্ক, ২৫ এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ এইবাৰ সহায়ৰ হাতত আগবঢ়াইছে ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ কে এল ৰাহুলে ।"Aware Foundation"ক দুৰ্বল শিশুসকলক সহায়ৰ বাবে খেলুৱৈগাৰকীয়ে নিলাম কৰিলে নিজৰ ২০১৯ বিশ্বকাপৰ বেট সহ বহু কেইটা ক্ৰিকেটৰ সামগ্ৰী ।
Covid-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ বিশ্বকাপৰ বেট নিলাম কে এল ৰাহুলৰ - BHARAT ARMY FAN CLUB
বিশ্বৰ লগতে দেশত কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজবিলৈ ভাৰতীয় ক্ৰিকেটাৰ কে এল ৰাহুলৰ প্ৰশংসনীয় পদক্ষেপ । খেলুৱৈগৰাকীয়ে নিলাম কৰিছে ২০১৯ বিশ্বকাপৰ বেটসহ বহু কেইটা সামগ্ৰী ।
ৰাহুলে নিলামত নিজৰ ২০১৯ বিশ্বকাপৰ বেটখন ২,৬৪,২২৮ টকাত বিক্ৰী কৰাৰ বিপৰীতে হেলমেট ১,২২,৬৭৭ টকাত, পেড্ছ ৩৩,০২৮ টকাত, এদিনীয়াৰ জাৰ্ছী ১,১৩,২৪০ টকাত, টি-২০ ৰ জাৰ্ছী ১,০৪,৮২৪ টকাত, টেষ্টৰ জাৰ্ছী ১,৩২, ৭৭৪ টকাতআৰু গ্ল'ভছ ২৮,৭৮২ টকাত বিক্ৰী কৰিছে । এই সামগ্ৰী সমূহৰ নিলাম ভাৰতীয় ক্ৰিকেট দলৰ ফেন ক্লাৱ ভাৰত আৰ্মীৰ সহযোগত কৰা হৈছে ।
ৰাহুলে উল্লেখ কৰিছিল, তেওঁ তেওঁৰ ক্ৰিকেটৰ কিছুমান সামগ্ৰী ভাৰত আৰ্মীক দান কৰাৰ কথা । সেই সামগ্ৰী সমূহ ভাৰত আৰ্মীয়ে নিলাম কৰি যিখিনি টকা লাভ কৰিব সেই সমূহ Aware Foundationক প্ৰদান কৰা হ'ব । এই সংস্থাটো শিশুৰ শুশ্ৰষাৰ সৈতে জড়িত । এইটো মোৰ বাবে অত্যন্ত বিশেষ আৰু ইয়াৰ বাবে ইয়াতকৈ ভাল দিন নাহে । বৰ্তমান খেলুৱৈগৰাকী পৰিয়ালৰ সৈতে বেংগালুৰুত আছে ।