অসম

assam

ETV Bharat / sports

কফি মোৰ বাবে অত্যন্ত ব্যয়বহুল, মই গ্ৰীণ টিহে সেৱন কৰো : হাৰ্দিক পাণ্ডিয়া - ইষ্টাগ্ৰামত দিনেশ কাৰ্তিকৰ সৈতে বাৰ্তালাপ

পুনৰ চৰ্চালৈ আহিছে ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ খেলুৱৈ হাৰ্দিক পাণ্ডিয়া । অৱশ্য়ে এইবাৰ বিবাদৰ বাবে নহয় বিবাদক লৈ কৰা এটা ব্যংগাত্মক কথাৰ বাবেই চৰ্চালৈ আহিছে খেলুৱৈগৰাকী ।

Coffee proved too costly for me, I drink green tea: Hardik Pandya
Coffee proved too costly for me, I drink green tea: Hardik Pandya

By

Published : Apr 26, 2020, 3:45 PM IST

স্পৰ্টছ ডেস্ক, ২৬ এপ্ৰিলঃ শেহতীয়াকৈ ইনষ্টাগ্ৰামত দিনেশ কাৰ্তিকৰ সৈতে হোৱা এক ভিডিঅ' বাৰ্তালাপত ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ খেলুৱৈ হাৰ্দিক পাণ্ডিয়াই কৰা এটা মন্তব্যই যথেষ্ট চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে । পাণ্ডিয়াই ব্যংগাত্মক ৰূপত ২০১৯ বৰ্ষত সমালোচনাৰ সন্মুখীন হোৱা কফি উইথ কৰণ শ্ব'টোৰ প্ৰসংগ টানি কয়, মই কফি নাখাও । কফিৰ সলনি মই গ্ৰীণ টি হে সেৱন কৰো । মই এবাৰেই কফি খাইছিলো আৰু প্ৰমাণ পালো মোৰ বাবে ই যথেষ্ট ব্য়য়বহুল আছিল । মই চেলেঞ্জ কৰিব পাৰিম Starbucks ত ইয়াতকৈ ব্যয়বহুল কফি নাপাব । তেতিয়াৰ পৰাই মই কফিৰ পৰা আঁতৰত আছো ।দিনেশ কাৰ্তিকৰ সৈতে হোৱাএই বাৰ্তালাপৰ সময়ত হাৰ্দিক পাণ্ডিয়াৰ সৈতে তেওঁৰ ভাতৃ ক্ৰোণাল পাণ্ডিয়াও আছিল ।

উল্লেখ্য যে, ২০১৯ বৰ্ষৰ আৰম্ভণিত কৰণ জহৰৰ এখন টেলিভিশ্বন শ্ব' কফি উইথ কৰণত কে.এল ৰাহুলৰ সৈতে অংশগ্ৰহণ কৰি মহিলাক লৈ কৰা কেইটামান আপত্তিজনক মন্তব্যৰ বাবেই যথেষ্ট বিবাদ আৰু সমালোচনাৰ সন্মুখীন হৈছিল দুয়োগৰাকী খেলুৱৈ ।

এই বিবাদৰ অৱসানৰ পাচতেই পাণ্ডিয়াই প্ৰেয়সীক আঙুঠি পিন্ধাই । বৰ্তমান আঘাতৰ পৰা খেলুৱৈগৰাকী সুস্থ হৈ উঠিছে যদিও কোনো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় মেচত অংশ গ্ৰহণ কৰা নাই । শেহতীয়াকৈ ৰঞ্জী ট্ৰফিত অংশ লৈ পাণ্ডিয়াই । কিন্তু বিনা দৰ্শকত খেলাৰ অনুভৱ সুকীয়া বুলি কয় খেলুৱৈগৰাকীয়ে । বৰ্তমান কৰ'ণা ভাইৰাছৰ বাবে আইপিএলো স্থগিত হৈ থকা বাবে কেতিয়া খেলপথাৰলৈ পাণ্ডিয়াক পুনৰ দেখা পোৱা যাব সেইয়া সময়হে ক'ব ।

ABOUT THE AUTHOR

...view details