স্পৰ্টছ ডেস্ক, 25 জুনঃ ইংলেণ্ড ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ক্লয়ৰ ক'নৌৰে গ্ৰহণ কৰিব মেৰিলব'ন ক্ৰিকেট ক্লাৱৰ (MCC) অধ্যক্ষৰ পদ । 233 বছৰ পাচত পোন প্ৰথমবাৰৰ বাবে এই পদত অধিষ্ঠিত হ'ব গৈ আছে এগৰাকী মহিলা । শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ কুমাৰ ছাংগাকাৰৰ স্থান গ্ৰহণ কৰিব ক্লেয়ৰে । ইংলেণ্ড আৰু ৱেল্ছ ক্ৰিকেট ব'ৰ্ডৰ মহিলা ক্ৰিকেট ব্য়ৱস্থাপনাৰ পৰিচালক ক'নৌৰৰ মনোনীত কৰাৰ কথা বুধবাৰে স্বয়ং কুমাৰ ছাংগাকাৰাই এক বাৰ্ষিক বৈঠক অনুষ্ঠানত ভিডিঅ' কনফাৰেঞ্চিং জৰিয়তে কৰে ।
আগন্তুক বৰ্ষৰ এক অক্টোবৰৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰিব প্ৰাক্তন মহিলা ক্ৰিকেটাৰগৰাকীয়ে । অৱশ্য়ে কাৰ্যভাৰ গ্ৰহণৰ পূৰ্বে সদস্য় সকলৰ অনুমতিৰ আৱশ্যক । কৰ'ণা ভাইৰাছৰ ফলতেই কুমাৰ ছাংগাকাৰাৰ কাৰ্যকাল এক বছৰৰ বাবে বৃদ্ধি কৰা হৈছে ।