স্পৰ্টছ ডেস্ক, 10 জুন : শ্ৰীলংকা ক্ৰিকেটে মঙলবাৰে ঘোষণা কৰিছে মহিলা ক্ৰিকেটাৰৰ বাবে নতুন ছয়মহীয়া চুক্তি ৷ এই চুক্তিত আছে 20 গৰাকী ৰাষ্ট্ৰীয় আৰু 15 গৰাকী উদীয়মান ক্ৰিকেটাৰৰ নাম ৷ 2020 চনত সৰ্বোচ্চ চুক্তিত স্বাক্ষৰিত হৈছে কেৱল এগৰাকী মহিলা ক্ৰিকেটাৰ ৷ চামাৰী আটাপাট্টুকহে কেৱল গ্ৰেড A ত স্বাক্ষৰিত কৰা হৈছে ৷
1 মে'ৰ পৰা স্বাক্ষৰিত চুক্তি কাৰ্যকৰী হ'ব বুলি জানিবলৈ দিয়ে শ্ৰীলংকা ক্ৰিকেট ব'ৰ্ডে ৷ ৰাষ্ট্ৰীয় মহিলা ক্ৰিকেটাৰসকলক চাৰিটা কেটেগৰীত বিভক্ত কৰা হৈছে - A, B, C আৰু D ৷ আনহাতে, উদীয়মান ক্ৰিকেটাৰসকলক এক নিৰ্ধাৰিত মাহিলী দৰমহাৰ প্ৰদান কৰাৰ লগতে প্ৰতিযোগিতাত প্ৰদৰ্শন কৰাৰ ওপৰত ভিত্তি কৰি ভাত্তা প্ৰদান কৰা হয় ৷