অসম

assam

By

Published : Sep 17, 2020, 10:28 PM IST

ETV Bharat / sports

ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলা দখল অষ্ট্ৰেলিয়াৰ

ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ চূড়ান্ত মেচত ৰোমাঞ্চকৰ জয় লাভ অষ্ট্ৰেলিয়াৰ ৷ 2-1 ব্যৱধানত শৃংখলা দখল অষ্ট্ৰেলিয়াৰ ৷

Carey, Maxwell tons lift Australia series win over England
ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলা দখল অষ্ট্ৰেলিয়াৰ

স্পৰ্টছ ডেস্ক, 17 ছেপ্তেম্বৰ :বুধবাৰে ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত অল্ড ট্ৰেফৰ্ড মানচেষ্টাৰত অনুষ্ঠিত হোৱা তৃতীয় তথা নিৰ্ণায়ক এদিনীয়াত ৰোমাঞ্চকৰ জয় লাভ অষ্ট্ৰেলিয়াৰ ৷ 3 উইকেটত জয় লাভেৰে তিনিখন মেচৰ এদিনীয়া শৃংখলা 2-1 ব্যৱধানত দখল কেংগাৰু বাহিনীৰ ৷

কেৰী আৰু মেক্সৱেলৰ শতকীয় ইনিংছ

মেচখনত ইংলেণ্ডৰ 303 ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ আহি অষ্ট্ৰেলিয়া দলটোৱে প্ৰাৰম্ভিক 20 টা অভাৰৰ ভিতৰতেই বিপৰ্যয়ৰ সন্মুখীন হয় ৷ দলটোৱে 21 ৰানৰ দলীয় স্ক’ৰত প্ৰথমে এৰণ ফিন্স (12) আৰু ইয়াৰ পাচতেই মাৰ্কাছ ষ্ট’ইনিছ (4), ডেভিদ ৱাৰ্ণাৰ (24), মিটচেল মাৰ্ছ (2) আৰু মাৰ্ণুছ লাবুচেনৰ (20) উইকেট হেৰুৱাই ৷ ইয়াৰ পাচত অষ্ট্ৰেলিয়া দলটোক বিজয় স্থিতিলৈ উপনীত কৰে গ্লেন মেক্সৱেল আৰু উইকেটকীপাৰ বেটছমেন এলেক্স কেৰীয়ে ৷ মেক্সৱেলে 90 টা বলত কেৰিয়াৰৰ দ্বিতীয়টো আৰু কেৰীয়ে কেৰিয়াৰৰ প্ৰথমটো এদিনীয়া শতক অৰ্জন কৰিবলৈ সক্ষম হয় ৷ মেক্সৱেল 108 ৰান কৰাৰ বিপৰীতে কেৰীয়ে 106 ৰানৰ ইনিংছ খেলিবলৈ সক্ষম হয় ৷

ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলা দখল অষ্ট্ৰেলিয়াৰ

48 অভাৰৰ অন্তিমটো বলত জফ্ৰা আৰ্চাৰে কেৰীৰ উইকেট দখল কৰি ইংলেণ্ডক জয়ৰ দুৱাৰ দলিত উপনীত কৰিছিল যদিও মিটচেল ষ্ট্ৰাকৰ প্ৰথমটো বলতেই আকাশলংঘী ছয়ে চেঁচাপানীত পৰিণত কৰে ইংলেণ্ডৰ আশা ৷ অৱেশষত 49.4 অভাৰত লক্ষ্যত উপনীত হয় অষ্ট্ৰেলিয়া দলটো ৷ ইয়াৰ লগে-লগে 2-1 ৰ ব্যৱধানত তিনিখন মেচৰ এদিনীয়া শৃংখলা দখল কৰে এৰণ ফিন্স নেতৃত্বাধীন অষ্ট্ৰেলিয়া দলটোৱে ৷

মেক্সৱেল আৰু কেৰী

ইয়াৰ পূৰ্বে ইংলেণ্ড দলটোৱে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 50 অভাৰত 7 উইকেট হেৰুৱাই 302 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷ মেচখনত ইংলেণ্ডে প্ৰথম দুটা বলতেই দুটাকৈ উইকেট হেৰুৱাইছিল যদিও জনী বেয়াৰেষ্ট’ৰ 112 ৰানৰ শতক, ছেম বিলিংছ আৰু ক্ৰীছ ৱক্ছৰ অৰ্ধশতকীয় ইনিংছৰ ফলত 300 ৰানৰ স্ক’ৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷

মেচৰ অন্তত মেক্সৱেলক প্লেয়াৰ অফ দ্য মেচ হিচাপে ঘোষণা কৰাৰ লগতে প্লেয়াৰ অফ দ্য ছিৰিজও প্ৰদান কৰা হয় ৷ ইয়াৰ পূৰ্বে অনুষ্ঠিত টি-20 শৃংখলাত 2-1 ৰ ব্যৱধানত জয় লাভ কৰিছিল ইংলেণ্ড দলটোৱে ৷

লগতে চাওক-UAE ত আইপিএল 2020

ABOUT THE AUTHOR

...view details