অসম

assam

ETV Bharat / sports

বুছফায়াৰ বেছ : গিলখ্ৰীষ্ট একাদশক পৰাস্ত পন্টিং একাদশৰ - 1 ৰাণত জয়ী পন্টিং একাদশ

বুছফায়াৰ বেছত গিলখ্ৰীষ্ট একাদশক পৰাস্ত কৰে পন্টিং একাদশে ৷ 1 ৰাণত জয়ী হয় পন্টিং একাদশ ৷

বুছফায়াৰ বেছ
গিলখ্ৰীষ্ট একাদশক পৰাস্ত পন্টিং একাদশৰ

By

Published : Feb 9, 2020, 5:52 PM IST

স্পৰ্টছ ডেস্ক, 9 ফেব্ৰুৱাৰী : দেওবাৰে জাংছন অ'ভেলত অনুষ্ঠিত বুছফায়াৰ সাহাৰ্য অনুদান মেচত গিলখ্ৰীষ্ট একাদশক পৰাস্ত কৰে পন্টিং একাদশে ৷ 105 ৰাণৰ লক্ষ্য অনুসৰণ কৰি গিলখ্ৰীষ্ট একাদশৰ হৈ প্ৰথম তিনি অ'ভাৰত শ্বেন ৱাটছন আৰু আদাম গিলখ্ৰীষ্টে 49 ৰাণ সংগ্ৰহ কৰে ৷ ইয়াৰ পাচতে চতুৰ্থ অ'ভাৰত লিউক হজে গীলখ্ৰীষ্টৰ (17) উইকেট দখল কৰে ৷ যুৱৰাজ সিঙে তৃতীয় স্থানত বেটিং কৰিবলৈ নামি কেৱল দুই ৰাণ সংগ্ৰহ কৰি নিজৰ উইকেট হেৰুৱায় ৷ আনহাতে, ব্ৰেড হজে কোনো ৰাণ সংগ্ৰহ নকৰাকৈয়ে উইকেট হেৰুৱায় ৷

ৰিকী পন্টিং
বুছফায়াৰ বেছ ক্ৰিকেট মেচৰ ফলাফল
জাষ্টিন লেংগাৰ আৰু ৰিকী পন্টিং

মেচৰ অন্তিম সময়ত পন্টিং একাদশে এক ৰাণত জয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ৷

ইয়াৰ পূৰ্বে বেটিং কৰিবলৈ নামি পন্টিং একাদশে আৰম্ভণিতে জাষ্টিন লেংগাৰৰ উইকেট(6) হেৰুৱায় ৷ দ্বিতীয় উইকেটৰ যুটীত মেথিউ হেডেন আৰু ৰিকী পন্টিঙে 29 ৰাণ সংগ্ৰহ কৰে ৷ ইয়াৰ পাচতে যুৱৰাজ সিঙৰ হাতত উইকেট হেৰুৱায় হেডেনে (16) ৷ পন্টিং আঘাতপ্ৰাপ্ত হৈ 26 ৰাণত খেলপথাৰৰ পৰা বাহিৰ হোৱাৰ পাচতে ফয়েব লিটছফিল্ডৰ সৈতে ব্ৰায়ান লাৰাই বেটিঙৰ বাবে নামে ৷ লাৰাই 30 ৰাণ সংগ্ৰহ কৰি দলক দহ অ'ভাৰত 104 ৰাণ সংগ্ৰহ কৰাত সহায় কৰে ৷

বুছফায়াৰ সাহাৰ্য অনুদান মেচৰ মাজতে শচীনে তুলি ল'লে বেট :
প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে দেওবাৰে অনুষ্ঠিত মেচত অষ্ট্ৰেলিয়াৰ এলিছ পেৰীৰ বিৰুদ্ধে বেটিং কৰিবলৈ খেলপথাৰত নামে ৷ পেৰীৰ চাৰিটা বলৰ প্ৰথমটো বলতে মাষ্টাৰ ব্লাষ্টাৰ গৰাকীয়ে এটা চাৰি কোৱায় ৷

মুঠ অনুদান সংগ্ৰহ :
এই মেচৰ প্ৰত্যক্ষ কৰিবৰ বাবে বহুসংখ্যক ক্ৰিকেট অনুৰাগীয়ে দৰ্শকৰ শাৰীত ভিৰ কৰে ৷ মেচৰ জৰিয়তে সৰ্বমুঠ 7.7 মিলিয়ন সংগ্ৰহ কৰা হয় ৷

আৰু পঢ়ক : আইচিচি অনুৰ্দ্ধ-19 বিশ্বকাপ ফাইনেল : টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত বাংলাদেশৰ

ABOUT THE AUTHOR

...view details