স্পৰ্টছ ডেস্ক, 26 আগষ্ট : পেচাৰ জছপ্ৰীত বুমৰাহৰ 5 উইকেটৰ জৰিয়তে ভাৰতীয় দলে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথম টেষ্টত বৃহৎ জয় সাব্যস্ত কৰিছে ৷ দুখনীয়া টেষ্ট শৃংখলাৰ প্ৰথম টেষ্টত সোমবাৰে ছাৰ ভিভিয়ান ৰিচাৰ্ডছ ষ্টেডিয়ামত ভাৰতে 318 ৰানৰ ব্যৱধানত জয় লাভ কৰিবলৈ সক্ষম হৈছে ৷
দ্বিতীয় ইনিংছত ভাৰতীয় দলে দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই 100 ৰানত ৱেষ্ট ইণ্ডিজক বান্ধি ৰাখিবলৈ সক্ষম হয় ৷ ভাৰতৰ হৈ বুমৰাহে 5 টা উইকেট দখল কৰাৰ লগতে ঈশান্ত শৰ্মাই 3 টা আৰু মহম্মদ ছামীয়ে 2 টা উইকেট দখল কৰে ৷ দ্বিতীয় ইনিংছত বেটিং কৰিবলৈ আহি ৱেষ্ট ইণ্ডিজ দলে 7.3 অ'ভাৰত 15 ৰান কৰি 5 টাকৈ উইকেট হেৰুৱায় ৷ ৰ'ষ্টন চেজ (12), কেমাৰ ৰ'ছ (38) আৰু মিগুৱেল কিউমিনছ(19) ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷