অসম

assam

ETV Bharat / sports

হোৱাইট বল ছিৰিজত একেলগে দেখা নাযাব বুমৰাহ, ছামীক

ভাৰতীয় দলে দুমহীয়া অষ্ট্ৰেলিয়া ভ্ৰমণত তিনিখন এদিনীয়া, তিনিখন টি-20 আৰু চাৰিখন টেষ্ট মেচত অংশগ্ৰহণ কৰিব ৷ উল্লেখ্য যে, প্ৰখমখন ৰেড বল ৱাৰ্ম আপ মেচ 6-8 ডিচেম্বৰত অনুষ্ঠিত হ'ব ৷

জছপ্ৰীত বুমৰাহ আৰু মহম্মদ ছামী
হোৱাইট বল ছিৰিজত একেলগে দেখা নাযাব বুমৰাহ, ছামীক

By

Published : Nov 19, 2020, 9:40 AM IST

স্পৰ্টছ ডেস্ক, 19 নৱেম্বৰ : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া আৰু টি-20 মেচত একেলগে দেখিবলৈ পোৱা নাযাব পাৰে ভাৰতৰ শীৰ্ষ দুই পেচাৰ জছপ্ৰীত বুমৰাহ আৰু মহম্মদ ছামী ৷ এদিনীয়া আৰু টি-20 ৰ পাচতে আৰম্ভ হ'বলগা চাৰিখনীয়া টেষ্ট শৃংখলাৰ বাবে দুয়োগৰাকী বলাৰকে সাজু কৰি ৰাখিবৰ বাবে দলৰ মেনেজমেন্টে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷

উল্লেখ্য যে, ভাৰতীয় দলে দুমহীয়া অষ্ট্ৰেলিয়া ভ্ৰমণত তিনিখন এদিনীয়া, তিনিখন টি-20 আৰু চাৰিখন টেষ্ট মেচত অংশগ্ৰহণ কৰিব ৷ উল্লেখ্য যে, প্ৰখমখন ৰেড বল ৱাৰ্ম আপ মেচ 6-8 ডিচেম্বৰত অনুষ্ঠিত হ'ব অভেলত ৷

ভাৰতীয় দলৰ দুই মূল বলাৰক মাত্ৰ 12 দিনৰ ভিতৰত 6 খনকৈ মেচত নেখেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷ সেয়েহে দুয়োগৰাকী বলাৰক হোৱাইট বল ছিৰিজত একেলগে দেখা পোৱা নাযাব ৷ নেটত ছামীক পিংক আৰু ৰেড বলেৰে প্ৰশিক্ষণ কৰা প্ৰত্যক্ষ কৰা হৈছে ৷

লগতে পঢ়ক :কৰ্মলৈ উভতি আনন্দ প্ৰকাশ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ

ABOUT THE AUTHOR

...view details