স্পৰ্টছ ডেস্ক, 12 জানুৱাৰী : ভাৰতীয় ক্ৰিকেট দলৰ পেচাৰ জছপ্ৰীত বুমৰাহে লাভ কৰিব সন্মানীয় পলী ওমৰিগড় এৱাৰ্ড ৷ বিচিচিআইয়ে দেওবাৰে ঘোষণা কৰে যে, 2018-19 চনত আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত আগবঢ়োৱা দূৰ্দান্ত প্ৰদৰ্শনৰ বাবে বুমৰাহে এই সন্মান লাভ কৰিব ৷
বিচিচিআইৰ বছৰেকীয়া বঁটা প্ৰদান অনু্ষ্ঠানত বিশ্বৰ শীৰ্ষ স্থানৰ বলাৰ গৰাকীক এই সন্মান প্ৰদান কৰা হ'ব ৷
উল্লেখ্য যে, 2018 চনৰ জানুৱাৰীত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বুমৰাহে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ ঘটাইছিল আৰু তেতিয়াৰ পৰা নিজৰ দূৰ্দান্ত ফৰ্ম অব্যাহত ৰাখিছে ৷
দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, অষ্ট্ৰেলিয়া আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়াত পাঁচ উইকেট দখল কৰিবলৈ সক্ষম হোৱা একমাত্ৰ ভাৰতীয় বুমৰাহ ৷ ইয়াৰ জৰিয়তে এই সাফল্য অৰ্জন কৰা বুমৰাহ প্ৰথম আৰু একমাত্ৰ এছিয়ান বলাৰ হিচাপেও পৰিগণিত হৈছিল ৷
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঐতিহাসিক 2-1 শৃংখলা জয়ত বুমৰাহে মুখ্য ভূমিকা গ্ৰহণ কৰিছিল ৷ ইয়াৰ জৰিয়তে ভাৰতে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী নিজৰ হাতলৈ আনিবলৈ সক্ষম হৈছিল ৷
পুৰুষৰ শাখাত বুমৰাহে এই সন্মান লাভ কৰাৰ সমান্তৰালকৈ মহিলাৰ শাখাত শ্ৰেষ্ঠ সন্মান লাভ কৰিব পুনম যাদৱে ৷ শেহতীয়াকৈ অৰ্জুন সন্মানেৰে বিভূষিত হোৱা লেগ স্পীনাৰ যাদৱক প্ৰদান কৰা হ'ব শ্ৰেষ্ঠ আন্তৰাষ্ট্ৰীয় ক্ৰিকেটাৰৰ সন্মান ৷
ইয়াৰোপৰি, প্ৰাক্তন ভাৰতীয় অধিনায়ক কৃষ্ণমাছাৰী শ্ৰীকান্ঠ আৰু অঞ্জুম চোপ্ৰাক প্ৰদান কৰা হ'ব ক্ৰমে দা কলনেল চি.কে. নাইডু জীৱনজোৰা কৃতিত্ব এৱাৰ্ড আৰু বিচিচিআই জীৱনজোৰা কৃতিত্ব এৱাৰ্ড ৷
এই বঁটা প্ৰদান সম্পৰ্কত বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে কয়, "বিচিচিআই এৱাৰ্ডৰ মূল উদ্দেশ্য হৈছে খেলপথাৰত সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়োৱা যিকোনো বয়সৰ খেলুৱৈ আৰু কিংবদন্তী সকলক সন্মান প্ৰদান কৰা ৷ এয়া এটা সুন্দৰ সন্ধিয়া হ'ব আৰু দৰ্শকক সম্ভাষণ জনাব বিৰেন্দৰ ছেহৱাগে ৷"
আৰু পঢ়ক : বিচিচিআই এৱাৰ্ড : শেফালী বৰ্মাই লাভ কৰিব আন্তৰাষ্ট্ৰীয় আত্মপ্ৰকাশ সন্মান