স্পৰ্টছ ডেস্ক, 6 আগষ্ট : ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অধিনায়ক ব্ৰায়ান লাৰাই বৃহস্পতিবাৰে কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ বাতৰি অস্বীকাৰ কৰিছে ৷ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে কয় যে, কৰ'ণা ভাইৰাছত তেওঁ আক্ৰান্ত হোৱাটো উৰাবাতৰি ৷ নকাৰাত্মক বাতৰি বিয়পাবলৈ মহামাৰীবিধৰ ব্যৱহাৰ কৰা অনুচিত বুলি লাৰাই মন্তব্য কৰে ৷
ইনষ্টাগ্ৰামৰ জৰিয়তে লাৰাই কয়, "মই কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি উৰাবাতৰি প্ৰকাশ হোৱা বাবে মই এই সন্দৰ্ভত স্পষ্টীকৰণ দিব বিচাৰিছো ৷ এই বাতৰি কেৱল মিচাই নহয়, বৰ্তমানৰ মহামাৰীৰ পৰিস্থিতিত এনে উৰাবাতৰি বিয়পোৱাটোও অপকাৰক ৷"
উল্লেখ্য যে, যোৱা 24 ঘন্টাত বহুলোকে চ'ছিয়েল মিডিয়াৰ জৰিয়তে লাৰা কৰ'ণাত আক্ৰান্ত হোৱা বুলি উৰাবাতৰি বিয়পাইছিল ৷ কিন্তু, ক্ৰিকেটাৰগৰাকীয়ে জানিবলৈ দিয়ে যে, তেওঁ কৰ'ণাৰ পৰীক্ষা কৰিছিল আৰু ফলাফল নেগেটিভ লাভ কৰিছে ৷