নিউজ ডেস্ক, 27 জানুৱাৰী :বিচিচিআই সভাপতি তথা ভাৰতীয় ক্ৰিকেট বৰ্ডৰ অধ্যক্ষ সৌৰভ গাংগুলীক পুনৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীক ৷
উল্লেখ্য যে, ইয়াৰ পূৰ্বে 2 জানুৱাৰীত হৃগৰোগত আক্ৰান্ত হোৱাৰ বাবে উডলেণ্ড চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল গাংগুলীক ৷ তেতিয়াই 48 বৰ্ষীয় গাংগুলীৰ হৃদযন্ত্ৰত তিনিটাকৈ কৰ্নাৰী আৰ্টেৰিছ ব্ল’ক ধৰা পৰিছিল ৷