অসম

assam

ETV Bharat / sports

বলাৰৰ মতে থুইৰ তুলনাত ঘামে অধিক গধুৰ কৰিছে বল : শ্ৰীলংকান প্ৰশিক্ষক - কৰ'ণা ভাইৰাছ

কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বলত চালাইভা অথবা থু ব্যৱহাৰ আইচিচিয়ে নিষিদ্ধ কৰাৰ পাচতেই প্ৰতিক্ৰিয়া অব্যাহত আছে ক্ৰিকেট মহলত । এই ক্ষেত্ৰত শেহতীয়াকৈ মন্তব্য প্ৰকাশ কৰিছে শ্ৰীলংকান প্ৰশিক্ষকে ।

Bowlers said sweat makes the ball little heavier than saliva: Sri Lanka coach
Bowlers said sweat makes the ball little heavier than saliva: Sri Lanka coach

By

Published : Jun 4, 2020, 3:26 PM IST

স্পৰ্টছ ডেস্ক, 4 জুনঃ COVID-১৯ ৰ পাচত অনুষ্ঠিত হ'বলগীয়া মেচ সমূহত নিষিদ্ধ কৰা হৈছে বলত থু লগোৱা কাৰ্য । সংক্ৰমণৰ প্ৰতি লক্ষ্য় ৰাখিয়ে অনিল কুম্বলেৰ অধ্যক্ষতাত আইচিচিৰ ক্ৰিকেট কমিটিয়ে দিয়া পৰামৰ্শৰ ভিত্তিতেই আইচিচিয়ে নিষিদ্ধ ঘোষণা কৰে বলত থু ব্যৱহাৰৰ কাৰ্যক । যাক লৈ বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে । কাৰণ বলাৰৰ দৃষ্টিভংগীৰে বলৰ চুইং লাভৰ বাবে থু লগোৱা অতিকৈ জৰুৰী অথবা বলাৰৰ বাবে ই এক মুখ্য় অস্ত্ৰ ।

শেহতীয়াকৈ এই সন্দৰ্ভত মাত মাতিছে শ্ৰীলংকাৰ ক্ৰিকেট দলৰ মুখ্য় প্ৰশিক্ষক মিকী আৰ্থৰে । বুধবাৰে শ্ৰীলংকা দলটোৰ খেলুৱৈয়ে থু অবিহনে বল কৰাৰ অনুশীলনত নামিছিল । সোমবাৰ পৰা 13 জনীয়া সদস্য়ৰ এটি দলে 12 দিনৰ অনুশীলনত বৰ্তমান ব্যস্ত ।

এই অনুশীলনৰ প্ৰথম শ্বেচনৰ পাচতেই প্ৰশিক্ষকগৰাকীয়ে জনায় যে,বলাৰে কোৱা মতে, বলত ঘামৰ প্ৰয়োগে থুৰ তুলনাত অধিক গধুৰ কৰিছে বলটোক । এক ৱেৱচাইটত আৰ্থৰে দিছিল এই মন্তব্য । আৰ্থৰে কৈছিল বলাৰ সৈতে হোৱা এক আমোদজনক বাৰ্তালাপত বলাৰে জনাইছে যে, ঘামে থুৰ তুলনাত কিছু পৰিমাণে বলটোক অধিক গধুৰ কৰি তুলিছে । থুৰ ব্য়ৱহাৰ বলৰ চমক বৰ্তাই ৰখাৰ বাবে বলাৰৰ এক পচন্দৰ প্ৰক্ৰিয়া আছিল, কিন্তু এতিয়া এইটো কি,আপুনি কেৱল ইয়াৰ সৈতে কাম চলাই যাব লাগিব ।

তেওঁ লগতে কয়,মই আইচিচি ক্ৰিকেট কমিটিৰ এজন সদস্য়ও । গতিকে মই জানো বলত থু ব্যৱহাৰ নকৰিবলৈ দিয়া পৰামৰ্শৰ ওপৰত চলা তৰ্ক তথা কথাবাৰ্তাৰ কথা । বলত ঘাম ব্যৱহাৰৰ অনুমতি দিয়া হৈছে কাৰণ এইটো প্ৰমাণিত হৈছে যে ঘামৰ দ্বাৰা সংক্ৰমণৰ শংকা নাই । সেয়ে সৰ্বসন্মতি সহকাৰে ঘামৰ প্ৰয়োগত অনুমতি প্ৰদান কৰা হৈছিল । কাৰণ দুয়োটাৰ কাৰ্য প্ৰায় একে ধৰা হৈছিল ।

লগতে চাওকঃ কলগাছিয়াৰ ধৰ্মপুৰত ঋণ মাফৰ দাবীৰে মহিলাৰ বিক্ষোভ

ABOUT THE AUTHOR

...view details