অসম

assam

ছাকিব অল হাছানৰ সৈতে বুকীৰ কথোপকথন মুকলি

By

Published : Oct 30, 2019, 3:33 PM IST

ছাকিব অল হাছানৰ সৈতে বুকীৰ কথোপকথন মুকলি কৰিছে আইচিচিয়ে ৷ দীপক আগৰৱাল নামৰ বুকীজনে বহুবাৰ ছাকিবৰ সৈতে যোগাযোগ কৰিছিল বুলি আইচিচিয়ে তথ্য প্ৰদান কৰিছে ৷

ছাকিব অল হাছান

স্পৰ্টছ ডেস্ক, 30 অক্টোবৰ : ক্ৰিকেটৰ আটাইকেইটা ফৰমেটৰ পৰা নিষেধাজ্ঞা লাভৰ পাচতে এজন বুকীৰ সৈতে ছাকিব অল হাছানৰ কথোপকথন মুকলি কৰা হৈছে ৷ দীপক আগৰৱাল নামৰ এজন বুকীৰ সৈতে ক্ৰিকেটাৰগৰাকীৰ এই কথোপকথন মুকলি কৰিছে আইচিচিয়ে ৷ মিডিয়াৰ এক বিবৃতিত আইচিচিয়ে তথ্য প্ৰদান কৰিছে যে, 2017 চনত প্ৰথমবাৰৰ বাবে আগৰৱালে ছাকিবক যোগাযোগ কৰিছিল আৰু তেতিয়াৰ পৰাই ক্ৰিকেটাৰজনে আগৰৱালৰ সৈতে যোগাযোগ ৰক্ষা কৰি আহিছে ৷

2017 চনৰ নৱেম্বৰ মাহত ছাকিব ঢাকা ডাইনামাইটছ দলৰ সদস্য আছিল আৰু সেই সময়তে কোনো অজ্ঞাত ব্যক্তিয়ে ক্ৰিকেটাৰগৰাকীৰ ফোন নম্বৰ আগৰৱালক প্ৰদান কৰিছিল ৷ বাংলাদেশ প্ৰীমিয়াৰ লীগৰ সৈতে চুক্তিবদ্ধ খেলুৱৈৰ নম্বৰ যোগান ধৰিবলৈ কোৱাত আগৰৱালক ছাকিবৰ নম্বৰ যোগান ধৰা হৈছিল ৷

ছাকিব অল হাছান

2018 চনৰ 19 জানুৱাৰীত বাংলাদেশ, জিম্বাবৱে' আৰু শ্ৰীলংকা দলৰ মাজত অনুষ্ঠিত ত্ৰিদেশীয় শৃংখলাত ছাকিবে 'মেন অৱ দা মেচ' সন্মান লাভ কৰাৰ পাচতে আগৰৱালে শুভেচ্ছা প্ৰেৰণ কৰি এটা মেছেজ দিছিল ৷ ইয়াৰোপৰি, বুকীজনে মেছেজত কৈছিল, "আমি এতিয়াৰ পৰাই একেলগে কাম কৰিব পাৰিম নে আইপিএলৰ বাবে ৰৈ থাকিব লাগিব ৷"

ইয়াৰ পাচতে 2018 চনৰ 23 জানুৱাৰীত ছাকিবে আগৰৱালৰ পৰা অন্য এটা মেছেজ লাভ কৰিছিল আৰু এই মেছেজত লিখা আছিল, "এই ছিৰিজত কিবা সম্ভাৱনা আছে নেকি?"

ছাকিব অল হাছান

উল্লেখ্য যে, এই সম্পৰ্কত অল ৰাউণ্ডাৰগৰাকীয়ে আইচিচিৰ দুৰ্নীতি নিবাৰণ ইউনিটক জনোৱা নাছিল ৷ সেয়েহে 32 বৰ্ষীয় ক্ৰিকেটাৰগৰাকীক মঙলবাৰে ক্ৰিকেটৰ আটাইকেইটা ফৰমেটৰ পৰা নিষেধাজ্ঞা আৰোপ কৰা হয় ৷ ছাকিবে 2020 চনৰ 29 অক্টোবৰৰ পৰাহে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত অংশগ্ৰহণ কৰিব পাৰিব ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details